কৃতজ্ঞতাৰ সুবাস – কবিতা শৰ্মা

PC- St. Thomas the Apostle Catholic Church

কৃতজ্ঞতাৰ সুবাস

কবিতা শৰ্মা
দিল্লী

কৃতজ্ঞতা ! মাত্ৰ ছাৰিটা বৰ্ণৰ সমষ্টিৰে সৃষ্টি হোৱা এক সুমধুৰ শব্দ ! যি শব্দত নিহিত হৈ থাকে — এক সুন্দৰ মানবীয় গুণ ৷ আমাৰ সকলোৰে জীৱনলৈ নিশ্চয় এনে কিছুমান মুহুৰ্ত্ত আহে যেতিয়া আমি অন্য কোনোবা ব্যক্তিৰ সহায় সহযোগিতা লব লগীয়া হয়। তেনেবোৰ মুহুৰ্ত্ততে আমি আমাৰ আত্মীয়-স্বজন, ওচৰ চুবুৰীয়া, বন্ধু বান্ধবী, আনকি কেতিয়াবা কোনো অপৰিচিত ব্যক্তিৰো সহায় লাভ কৰো । তেওঁলোকৰ উপকাৰে আমাৰ জীৱন কৰি তোলে ধন্য। জীৱনৰ এই মুহুৰ্তবোৰতে আমি লাভ কৰো জীৱনৰ সুখময় অভিজ্ঞতা। হৈ পৰো অতিশয় আনন্দিত আৰু পুলকিত। তেতিয়াই আমাৰ মুখৰ পৰা স্বতঃস্ফূর্ত ভাবে ওলাই আহে এটা সুমধুৰ শব্দ … “ধন্যবাদ” যিটো শব্দই জনোৱা আৰু পোৱা দুয়োজনৰে হৃদয়লৈ বোৱাই আনে এক সুবিমল আনন্দ …. যাৰ সুবাস যেন সৰ্বত্ৰ বিয়পি পৰে ….

কৃতজ্ঞতাৰ ভাষা যিয়েই নহওক লাগিলে সেই ভাব উৎপন্ন হব লাগে অন্তৰৰ গভীৰতাৰ পৰা। হব লাগে নিঃস্বাৰ্থ আৰু মধুৰতাৰে ভৰা । ইয়াক অনুভব কৰিবলৈ লাগে সুগভীৰ জীৱনবোধ। সুন্দৰ এখন হৃদয়তহে সম্পৃক্ত হৈ থাকে কৃতজ্ঞতাৰ অস্তিত্ব। সাধাৰণ প্ৰাপ্তিতো যিজনে কৃতজ্ঞতাবোধ প্রকাশ কৰিব পাৰে তেওঁৰ হৃদয় বিশাল। অন্য মানুহৰ তুলনাত সেইজনেই উপভোগ কৰিব পাৰে জীৱন আনন্দৰ অধিকাংশ ।

কৃতজ্ঞতাৰে সিক্ত হৈ একোজন মানুহ হৈ উঠে সুখী আৰু মহান । দম্ভ, দ্বেষ আৰু অহং বোধত আচ্ছন্ন হৈ থকা এখন হৃদয়ে কেতিয়াও কৃতজ্ঞতাৰ প্রকৃত অর্থ উপলব্ধি কৰিব নোৱাৰে। ই এনে এক সম্পদ যাক টকা পইচা বা ধন সম্পত্তিৰে জুখিব নোৱাৰি। মানুহৰ সকলো আবেগৰ ভিতৰতে ইয়েই হ’ল আটাইতকৈ সুস্থ আবেগ।

কিন্তু আমাৰ ভিতৰত কিমানজনে বাৰু আনৰ সহায় বা উপকাৰৰ বিনিময়ত কৃতজ্ঞ হওঁ ? আমাৰ কৃতজ্ঞতা আমি অকপটে প্রকাশ কৰিব পাৰোনে? আমাৰ সমাজত সঘনাই দৃষ্টিগোচৰ হোৱা কথাটো হ’ল · আনৰ সহায়ৰ বিনিময়ত আমি বহুতেই কৃতজ্ঞতা জ্ঞাপনৰ কথা গভীৰ ভাবে চিন্তা কৰি নাচাওঁ বা চিন্তা কৰাৰ কথা হয়তো অনুভৱেই নকৰোঁ। সেয়েহে কৃতজ্ঞতা প্রকাশ কৰাৰ ভাষাও বিচাৰি নাপাওঁ । ইয়াৰ মূল কাৰণটোৱেই হ’ল কৃতজ্ঞতা প্ৰকাশৰ ক্ষেত্ৰত আমাৰ নেতিবাচক ধাৰণা আমাৰ সমাজত সেয়েহে অকৃতজ্ঞ লোকৰ সংখ্যাও বৰ কম নহয়। নিজৰ জীৱনকো তুচ্ছ কৰি আগবঢ়োৱা সহায় সহযোগিতাৰ বিনিময়ত বহু সংখ্যক লোকৰে “ধন্যবাদ “এই এটা মাত্ৰ শব্দ উচ্চাৰণ কৰাৰো যেন সময় বা সদিচ্ছাৰ অভাব।

আমাৰ প্ৰায়ভাগ মানুহৰে এটা প্ৰবৃত্তি আছে হিচাপ কৰি চলাৰ । আমি হিচাপ কৰো আনৰ কাৰণে কৰা কাম একোটাৰ বিনিময়ত আমি কি পালোঁ বা কি পাম ? আনকি ভগবানকো প্রার্থনা কৰো কিবা পোৱাৰ মানসেৰেহে । আনৰ প্ৰতি সংবেদনশীল হোৱাৰ বিপৰীতে কেবল মাত্ৰ নিজৰ স্বার্থসিদ্ধিৰ বাবে কাম কৰি আমি নিজকে যেন আৱদ্ধ কৰি পেলাওঁ এটা বৃত্তৰ মাজত । আৰু সেয়াই হৈ পৰে আমাৰ জীৱনৰ মূলমন্ত্র। ফলস্বৰূপে সমাজ জীৱনত ইজনে সিজনৰ পৰা ফালৰি কাটি আহি সৃষ্টি হয় ব্যৱধানৰ। দিনে দিনে এই ব্যৱধান বাঢ়ি আমি হৈ পৰোঁ বিচ্ছিন্ন প্রায়। ইয়াৰ বিপৰীতে যেতিয়াই কৃতজ্ঞতা প্ৰকাশৰ সদিচ্ছা আমাৰ মনৰ মাজত জাগ্রত হয় তেতিয়াই আমি নিজেই সৃষ্টি কৰা বৃত্তৰ পৰিধি ভাঙি আনৰ বাবেও চিন্তা কৰাৰ অৱকাশ পাওঁ ৷ আমাৰ মাজত থকা আত্মকেন্দ্ৰিক মনোভাবৰ উপশম ঘটাৰ লগতে সমাজ জীৱনত ইজনে সিজনৰ পৰা সৃষ্টি হোৱা ব্যৱধানো আতৰি যায়।

কৃতজ্ঞতা প্ৰকাশৰ ক্ষেত্ৰত বয়স বা শ্ৰেণীৰ কোনো সীমাৰেখা নাই। উপকাৰ কৰাজন বয়সত সৰুৱেই হওক বা ডাঙৰেই হওক, সমাজৰ উচ্চ বা নিম্ন শ্ৰেণীৰ লোকেই হওক, উপকাৰো সৰুৱেই হওক বা ডাঙৰেই হওঁক, কৃতজ্ঞতা জ্ঞাপনেৰে কিন্তু সন্মান নকমে, বৰঞ্চ আনৰ চকুত সন্মান বাঢ়েছে। আনকি আমি হয়তো কেতিয়াও এই কথাও ভাবি নাচাওঁ যে দৈনন্দিন জীৱনত আমাৰ পৰিয়ালৰ প্ৰতিজন ব্যক্তি – পিতৃ-মাতৃ, ভাই -ভনী, স্বামী -স্ত্রী, লৰা ছোৱালী, ঘৰুৱা সহায়ক বা সহায়িকাই ইজনে সিজনক কৰা সহায় সহযোগিতাৰ অবিহনে আমি বাৰু দিনটো সুকলমে পাৰ কৰিব পাৰোনে? তাৰ বাবে আমি ইজনে সিজনৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত নহয় জানো? ভাত মুঠি খাবৰ সময়ত সেই খেতিয়ক জনলৈ মনত পেলাব নোৱাৰোনে যাৰ অক্লান্ত শ্ৰমৰ বিনিময়ত আমাৰ পেট ভৰে বা সীমান্তৰ সেই অতন্দ্ৰ প্ৰহৰী জনলৈ যিজনে নিজৰ জীৱনকো তুচ্ছ কৰি আমাৰ জীৱনক নিৰাপত্তা দিয়ে । ঠিক তেনেদৰে প্ৰকৃতিয়ে অকৃপণ হাতেৰে দিয়া দানৰ বাবে প্ৰকৃতিৰ প্ৰতি, ভগবানৰ আশীষ স্বৰূপ আমাৰ জীৱনটোৰ প্ৰতি আমি কৃতজ্ঞ হব পাৰো নিশ্চয়। আমাৰ মনৰ মাজত এইদৰে কৃতজ্ঞতা প্ৰকাশৰ অভ্যাস চহ কৰিব পাৰিলেহে এই কথা আমি উপলব্ধি কৰিব পাৰিম যে, আমাৰ স্থিতিৰ প্ৰতিটো ক্ষণতে আমাৰ ঘৰখনৰ পৰা আৰম্ভ কৰি সমাজৰ সৰু বৰ সকলো শ্ৰেণীৰ মানুহৰ সহায়ৰ বাবেহে আমি এনেদৰে একোটা শান্তিপূৰ্ণ জীৱন অতিবাহিত কৰিব পাৰিছো । জীৱনৰ মূল্যবোধ তেনেদৰেহে আমি উপলব্ধি কৰিব পাৰিম আৰু এক সুখানুভূতিৰে আমাৰ জীৱন যাপন হৈ পৰিব সুন্দৰ !
বন্ধু বান্ধবী সকল, আহক আমি আমাৰ এই বহুমূলীয়া জীৱনৰ আনন্দ উপভোগ কৰোঁ …পোৱাৰ আশাক আৰু অধিক পৰিপূৰ্ণ কৰি তোলো … কৃতজ্ঞতা জ্ঞাপনেৰে আমাৰ জীৱনত উপকাৰ কৰা সৰু বৰ সকলো ব্যক্তিৰ উদ্দেশ্যে উচ্চাৰণ কৰোঁ এটি মাত্ৰ স্বৰ্গীয় শব্দ …. “ধন্যবাদ”।