কুলি
জ্যোৎস্না ৰানী বেগম
ঋতু আহে ঋতু যায়
তাই আহি হে কু, কু কৈ
বহাগ আহাৰ খবৰ বিলাই
আহে তাই বহুত দুৰ বাট কুৰি বাই
ভাগৰ লাগিছে বুলি তাইৰ
জিৰণিৰো নাই অকনো ঠাই
উদং বিৰিখত লাজ লাগে তাইৰ
কলিয়া দেহ দেখি কোনোবাই যদি জোকাই
তাইৰ ভঙা কলিজাৰ দুখ কোনেনো বুজিব
পিতা মহৰ দিনত দিয়া সাজ যোৰ পিন্ধি
বছৰে বছৰে আহে তাই নাকত হাত ধৰি
বিহু বুলি সকলোৱে পিন্ধে নানা ৰঙী সাজ
তাইৰে দেহত মাথোঁ ধোৱা বৰণীয়া সাজ
গছৰ ডালে ডালে বগাই ফুৰে
বিহু অহাৰ বাতৰি বিলাই
তাইৰ সুহুৰিত বহাগ নামে
ডেকা গাভৰুৰ মনত বিহুৰ গগনা বাজে।
ঢোল পেপা বজাই বৰদৈচিলাজনী
মাকৰ ঘৰলৈ যায়
নৈ,বিল সকলোৱে বহাগৰ আহিছে
কুলু কুলু গীত গাই
তথাপিও যেন তাইৰ কুকিল মাতত
বিহু আহিল বুলি মন প্ৰাণ জুৰাই।