কিছু বেদনা…কিছু প্ৰাৰ্থনা…- নন্দেশ্বৰ মিলি

Pc- death & dying- lovetoknow

কিছু বেদনা…কিছু প্ৰাৰ্থনা…

বিশ্বৰ বুকুত আজি অগনিৰ উত্তাপে কৰিছে জ্বলা-কলা
চৌদিশে কেৱল নৰহত্যা,ধৰ্ষণ ,দুৰ্নীতি ,ব্যাভিচাৰিৰ মেলা
মানৱতা হ’ল দুৰ্লভ,বিভেদতা-ঘৃণা-হিংসাৰ দাবানল
গান্ধীৰ অহিংসা নীতি আজি অচল।

আজি দুৰ্যোধন-ৰাৱণৰ শাসন আমৰ দেশৰ শাসন
নাৰীৰ বস্ত্ৰ হৰণ কৰিবলৈ ওলাই অলেখ দুঃশাসন
শকুনিৰ পাশা খেল আজিৰ মানৱৰ অলংকাৰ
কিমানৰ যে জীৱন ,পৰিয়াল হৈ গৈছে চূৰমাৰ।

নালাগে আমাক দৈত্য-অসুৰৰ মানসিকতা
জন্ম হওক প্ৰহ্লাদৰ দৰে বিষ্ণুভক্ত
সু-শাসন,সু-নীতি আমাৰ চিৰকাম্য
ৰামৰাজ্য প্ৰতিষ্ঠা সকলোৰে বাবে সৌভাগ্য ।

ধৰ্ম-জাতি-বৰ্ণ-ভাষা থাকক বৈচিত্র্যতা
অনৈক্যৰ মাজত ঐক্য হওঁক প্ৰতিষ্ঠা।

অশান্তি-হিংসা-বিদ্বেষ হওক সমাধান
সুখ-শান্তি কল্যাণ জগতৰ হওক বিধান।

 

নন্দেশ্বৰ মিলি
নগাঁও,অসম
ফোন:8638881953