“কা” ৰ বিৰোধিতাৰে  নাজিৰাত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ ১২ঘণ্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ণ

“কা” ৰ বিৰোধিতাৰে  নাজিৰাত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ ১২ঘণ্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ণ
যদুমণি হাজৰিকা, নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা– নাগৰিকত্ব সংশোধনী আইন “কা” ৰ বিৰোধিতাৰে ১০ মাৰ্চত ৰাজ্যজুৰি আছুৱে ৰূপায়ন কৰে ১২ঘণ্টীয়া অনশন কাৰ্যসূচী। আছু আৰু ৩০ টাকৈ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আজি পুৱা ৬ বজাৰ  পৰা সন্ধিয়া ৬বজালৈ নাজিৰাৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ সন্মুখত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ৰূপায়ন কৰে এই অনশন কাৰ্যসূচী। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি কলিতা , সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকা , মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰতীম বুঢ়াগোহাঁইকে ধৰি জিলা আৰু নাজিৰা মহকুমা সমিতিৰ নেৰ্তৃত্বত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত বি জে পি চৰকাৰ হুঁচিয়াৰ,”কা” আমি নামানো,অবৈধ বিদেশী জাপি দিয়া সিদ্ধান্ত মানি লোৱা নহ’ব আদি শ্লোগান সম্বলিত প্লেকাৰ্ড হাতত লৈ নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ সন্মুখত এই  ১২ঘণ্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ন কৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই।