কা বিৰোধী সমম্বয় সমিতিৰ সংবাদ মেল

কা বিৰোধী সমম্বয় সমিতিৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী প্ৰেছ ক্লাবত কা বিৰোধী সমম্বয় সমিতিয়ে এখন সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদ মেল সম্বোধন কৰাৰ আগতে তেওঁলোকে প্ৰায় আধা ঘণ্টা সময় এক গোপন বৈঠকত মিলিত হয়। ইয়াৰ পাছত সংবাদিকক মাটি সংবাদ মেল দিয়ে। উক্ত বৈঠক তথা সংবাদ মেলত সমিতিৰ মুখ্য আহ্বায়ক ডঃ হীৰেন গোহাঁই,আহ্বায়ক দেবেন তামূলী, চিভিল চছাইটিৰ প্ৰাক্তন অধ্যাপক আব্দুল মান্নান, চি পি আই এম এলৰ ৰাজ্যিক সম্পাদক পংকজ দাস, সমাজকৰ্মী শংকৰ শইকীয়া,প্ৰাক্তন অধ্যাপক ড° পৰমানন্দ মজুমদাৰ, কৃষক মুক্তিৰ সুব্ৰত চক্ৰৱৰ্তী, পৰেশ বৰুৱা, বিবেক দাস আদি কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত তেওঁলোকে সংবাদ মাধ্যমৰ আগত কয় যে বৰ্তমান শাসনাধিষ্ট এই বিজেপি চৰকাৰে অসমৰ আঠ খন বিশ্ববিদ্যালয়ত বাহিৰৰ লোকক যাৰ থলুৱা সংস্কৃতিৰ বিষয়ত সম্যক জ্ঞান কোনো নাই, উপাচাৰ্য ৰূপে নিযুক্তি দি অসমীয়া ভাষা সংস্কৃতি আৰু অসমীয়া জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। ডঃ হীৰেন গোহাঁই কয় যে যোৱা দুমাহ মান আগত ৰাহুল গান্ধী অসমলৈ অহাত তেওঁক আইন শৃংখলা জনিত কাৰণত গুৱাহাটীত ৰেলী কৰিব দিয়া নাছিল। কিন্তু এতিয়া মোদীয়ে কেনেকৈ ৰেলী কৰিব পৰা হ’ল? আইন শৃংখলা কি অকল তেওঁলোকৰ কাৰণেহে  নেকি? তেওঁ আৰু কয় বেংকত গৈ অসমীয়া ভাষা  কব পৰা এজন কৰ্মচাৰী পাবলৈ নাই। অকল টকা জমা থোৱা আৰু উলিওৱা টোৱেটো কাম নহয়। কেতিয়াবা কিবা কথাও পাতিব লগা থাকে। অসমৰ ৰাইজক বিজেপি চৰকাৰৰ  স্বৈৰাচাৰি শাসনৰ বিষয়ে আকৌ এবাৰ গভীৰভাৱে ভাবি চাবলৈ আহ্বান জনায়।