কা বিৰোধী সমন্বয় সমিতি অসমৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী

কা বিৰোধী সমন্বয় সমিতি অসমৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ দীঘলীপুখুৰীপাৰস্থিত এন চি পি মহানগৰ সমিতিৰ কাৰ্যালয়ৰ চৌহদৰ সিদ্ধিনাথ শৰ্মা ভৱনৰ সন্মুখত ’কা’ বিৰোধী সমন্বয় সমিতি অসমে এখন প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে। উক্ত কাৰ্যসূচীত গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰা, সংবিধান বিৰোধী, সাম্প্ৰদায়িক আৰু অসম বিৰোধী ’কা’ আইন প্ৰত্যাহাৰ কৰা, বিজেপি চৰকাৰৰ স্বেচ্ছাছাৰী শাসন তথা জাতি মাটি, ভেটি নিঃশেষ কৰাৰ বিৰুদ্ধে ৰাইজক ঐক্যবদ্ধভাৱে প্ৰতিহত কৰাৰ লগতে বিজেপিক ক্ষমতাৰ পৰা উচ্ছেদ কৰাৰ বাবে আহ্বান জনায়। সভাত হাতে হাতে বিভিন্ন বেনাৰ, প্লে কাৰ্ড আদি লৈ প্ৰতিবাদ কৰাৰ উপৰিও কা (CAA) আইনখন বাতিল কৰাৰ বাবে তেওঁলোকে এক ঐক্যবদ্ধভাৱে বৃহৎ আন্দোলন গঢ়ি তোলাৰ বাবে ৰাইজক আহ্বান জনায় । ৮৫৫ জন শ্বহীদৰ ত্যাগৰ লগতে বিগত ’কা’ আন্দোলনত আৰক্ষীৰ গুলীত নিহত পঞ্চ শ্বহীদৰ ত্যাগো এতিয়া অথলে যাব বুলি বিভিন্ন জনে মত প্ৰকাশ কৰে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত ডঃ হীৰেন গোহাঁই, সভাপতি , দেবেন তামূলী,আহ্বায়ক কা বিৰোধী মঞ্চ অসম, ড° ঘনশ্যাম নাথ, উপদেষ্টা, ৰাছেল হুছেইন সাধাৰণ সম্পাদক ৰাইজৰ দল,আব্দুল মান্নান প্ৰাক্তন অধ্যাপক,গুৱাহাটী বিশ্ববিদ্যালয়, হেমেন দাস প্ৰাক্তন বিধায়ক চিপিআই এম),সুপ্ৰকাশ তালুকদাৰ,ৰাজ্যিক সম্পাদক চি পি আই এম,পৰেশ বৰুৱা,ৰাজ্যিক সম্পাদক এন চি পি, পংকজ দাস,ৰাজ্যিক সম্পাদক চি পি আই এম এল, সুব্ৰত চক্ৰৱৰ্তী,সভাপতি কৃষক মুক্তি সংগ্ৰাম সমিতি, মীৰা বৰঠাকুৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছ সভানেত্ৰী, মেহদি আলম বৰা,কংগ্ৰেছৰ মুখপাত্ৰ, নিৰংকুশ নাথ, ৰাজ্যিক সম্পাদক ডি ৱাই এফ আই,অনুৰূপা ডেকাৰজা আপ, ভোলা শৰ্মা চি আই টি ইউ,ড°অসমী গগৈ অসম মহিলা সংঘ,ঘন বুঢ়াগোহাঁই আৰু পলাক্ষি দাস টি এম চি, ফণী দাস আই এন টি ইউ চি, অপূৰ্ব কুমাৰ বৰুৱা নেহুৰ প্ৰাক্তন অধ্যাপক, চক্ৰেশ্বৰ কলিতা সাধাৰণ সম্পাদক মহানগৰ চি পি আই, হাইদৰ হুছেইন জ্যেষ্ঠ সাংবাদিক,জয়ন্ত গগৈ এ আই কে এছকে আদি কৰি প্ৰায় ৭০ জন মান ব্যক্তি উপস্থিত আছিল।