‘কা’ আইন বাতিলৰ দাবী অসম জাতীয় পৰিষদৰ
ৰঙিলী বাৰ্ত্তাসেৱা- নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ ৰূপায়নৰ বিৰুদ্ধে জনতাৰ মনত পুঞ্জীভূত ক্ষোভক দমন নীতিৰে পদদলিত নকৰিবলৈ অসম আৰক্ষী তথা ৰাজ্য চৰকাৰক আহ্বান জনাইছো৷ প্ৰতিবাদ মানুহৰ জন্মস্বত্ব অধিকাৰ৷ ভাৰতৰ সংবিধানে প্ৰতিগৰাকী নাগৰিকক অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ অধিকাৰ দিছে৷ ভাৰতৰ উচ্চতম ন্যায়ালয়ে অলপতে দিয়া এটা ৰায়ত প্ৰতিবাদ কৰাটো দেশবিৰোধী নহয় বুলি মত প্ৰকাশ কৰিছে৷ ’কা’ প্ৰয়োগে অসমীয়া জাতিৰ ভাষা-সংস্কৃতি তথা মাটি-ভেটিৰ ওপৰত অবৈধ বিদেশীৰ আগ্ৰাসনৰ বাট প্ৰশস্ত কৰি জাতিৰ অস্তিত্ব বিপন্ন কৰিব – এইটো সৰ্বজনবিদিত৷ জাতিৰ এক অন্ধকাৰময়, অসুৰক্ষিত ভৱিষ্যতৰ শংকাত ৰাইজ বাটলৈ ওলাই আহিছে৷ কা’ প্ৰয়োগৰ বিৰুদ্ধে ৰাইজ তথা দল-সংগঠনৰ প্ৰতিবাদ স্বাভাৱিক আৰু ন্যায্য৷ অসম জাতীয় পৰিষদ ভাৰতৰ সংবিধান তথা দেশৰ আইন-কানুনৰ প্ৰতি শ্ৰদ্ধাশীল এটি গণতান্ত্ৰিক ৰাজনৈতিক দল৷ আমাৰ দলে যি কোনো আন্দোলন গণতান্ত্ৰিকভাৱে, ভাৰতৰ সংবিধানৰ গণ্ডিত থাকি, শান্তিপ্ৰিয় ভাৱে সাব্যস্ত কৰি আহিছে৷ কা’ বিৰোধী আন্দোলনৰ ক্ষেত্ৰতো একেই পন্থা গ্ৰহণ কৰিবলৈ দলৰ কৰ্মী-সমৰ্থকৰ প্ৰতি দলীয় আহ্বান জনাইছে৷ উক্ত নীতি কেতিয়াও ভংগ নকৰিবলৈ ইতিমধ্যে আমাৰ দলৰ কৰ্মী-সমৰ্থকসকলৰ প্ৰতি আহ্বান জনোৱা হৈছে৷ লগতে কোনো গণতান্ত্ৰিক তথা শান্তিপূৰ্ণ আন্দোলনৰ মাজত কোনো দুষ্কৃতিকাৰী সোমাই পৰিস্থিতি বিনষ্ট কৰাৰ সুযোগ লব নোৱাৰে, তাৰ প্ৰতিও সতৰ্ক থাকিবলৈ সকলো কৰ্মী-সমৰ্থকক আহ্বান জনোৱা হৈছে৷আৰক্ষী তথা চৰকাৰক দমন নীতি প্ৰত্যাহাৰ কৰিবলৈ তথা প্ৰতিবাদকাৰীক নিৰ্যাতন নচলাবলৈ আহ্বান জনাইছো৷