কাৰ্যকৰী ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমেসিংঘেৰ নিৰ্দেশনা অনুসৰণ কৰিবলৈ অস্বীকাৰ শ্ৰীলংকাৰ সেনাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰীলংকাৰ সেনাই কাৰ্যকৰী ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমেসিংঘেৰ প্ৰতিবাদকাৰী সকলৰ বিৰুদ্ধে বল প্ৰয়োগ কৰাৰ নিৰ্দেশনা অনুসৰণ কৰিবলৈ অস্বীকাৰ কৰিছে। গোটাবায়া ৰাজপাক্ষে তেওঁৰ পত্নীৰ সৈতে মালদ্বীপলৈ পলাই যোৱাৰ পিছত বিক্ৰমেসিংঘেক কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিয়া হৈছিল। প্ৰতিবেদন অনুসৰি, ৰাজপাক্ষে মালদ্বীপৰ পৰা ছিংগাপুৰলৈ গৈছে।