কাৰাটেৰ অন্তৱৰ্তীকালীন ৰাজ্যিক সমিতি গঠন

Pc- Adobe Stock

কাৰাটেৰ অন্তৱৰ্তীকালীন ৰাজ্যিক সমিতি গঠন

ৰঙিলী বাৰ্ত্তাসেৱা- অসম অলিম্পিক সন্থাই ৰাজ্যৰ বিভাজিত কাৰাটে সন্থাৰ সমূহক একত্ৰিকৰণ কৰাৰ প্ৰচেষ্টা আৰু এখোজ আগবাঢ়িল। ভাৰতীয় অলিম্পিক সন্থাৰ নিৰ্দেশমৰ্মে অসম অলিম্পিক সন্থাৰ তত্বাৱধানত সন্থাৰ সভাকক্ষত আয়োজিত এখন প্ৰতিনিধি সভাত কাৰাটেৰ অন্তৱৰ্তীকালীন ৰাজ্যিক সমিতিখন গঠন কৰা হয়। অসম অলিম্পিক সন্থাৰ সভাকক্ষত সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ সভাপতিত্বত আয়োজিত এই সভাত সৰ্বসন্মতিক্ৰমে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাক অধ্যক্ষ আৰু আদৰ্শ চৌধুৰীক সম্পাদক হিচাপে লৈ ১৩ জনীয়া অন্তৱৰ্তীকালীন ৰাজ্যিক সমিতিখন গঠন কৰা হয় । লগতে হীৰেণ গগৈক সংযোজক আৰু ধ্ৰুৱজ্যোতি কলিতাক সহ-সংযোজকৰ দায়িত্ব দিয়া হয়। তদুপৰি ৪৫ দিনৰ ভিতৰত কাৰাটেৰ পুৰ্ণাংগ ৰাজ্যিক কমিটীখন গঠন কৰাৰ বাবে সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে, ৪৫ দিনৰ ভিতৰত অন্তৱৰ্তীকালীন ৰাজ্যিক সমিতিখনে আন্তঃজিলা কাৰাটে প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।