কালজয়ী ৰাভা( বিষ্ণু ৰাভাৰ স্মৃতিত)
সুন্দৰ সুঠাম হাঁহি ভৰা মুখখনি
হিয়াৰ কোঁহে কোঁহে
তুমি উদীপ্ত জ্যোতি হৈ আছা,
জীৱনৰ সৰ্বস্ব অৰ্পণেৰে
মানৱ সেৱাত ব্ৰতী হৈ
বলিষ্ঠ গীতেৰে সুৰেৰে
শোষণ নিষ্পেষণৰ বিৰোদ্ধে
বিপ্লৱৰ উদাত্ত আহ্বান জনোৱা
তুমি অজেয় বিষ্ণু ৰাভা।
দুৰ্জেয় প্ৰাচীৰ ভাঙি
নিৰ্যাতিতৰ স্বপ্নক
বাস্তৱ কৰি
ন পৃথিৱীৰ নৱ যুগৰ
যুগশ্ৰষ্টা তুমি।
কলমৰ তুলিকাৰে আঁকিছিলা
বিপ্লৱৰ বহ্নি শিখা
সংঘাতৰ সাগৰত
হাবুডুবু হৈ নহ’লা দিশহাৰা
তুমি স্হিতপ্ৰজ্ঞ বিষ্ণু ৰাভা।
তোমাৰ “পৰজনমৰ শুভ লগনৰ দৰে—“অনন্য গীতে হৃদয়ত
ঝঙ্কাৰ তোলে
নাচোনৰ ছন্দই
বান ৰঙ্গমঞ্চত মেঘ গৰ্জনৰ দৰে
হৰ্ষোলাসত মুৰ্তমান
তোমাৰ অবৰ্তমানত
ৰঙ্গমঞ্চই উচুপি উঠে
উচুপি উঠে অসমীয়াৰ প্ৰাণে
দুয়ো জনা গুৰুৰ সৃষ্টিক
হৃদয়ত ঘৰ বান্ধি
উজ্জ্বলাই চলাই নিলা
জাতীয় জীৱনৰ মহাৰথ
কৃষ্টি সংস্কৃতিৰে কাললৈ
ৰাখিলা খ্যাতি
সুৰৰ দেউল সাজি
ৰূপৰ শিকলিৰে
জীৱনৰ আদৰ্শ ৰাখিলা
মহীয়ান কৰি।
তুমি স্ৰষ্টা তুমি দ্ৰষ্টা
তুমি সমাজ নিৰ্মাতা
তুমি চিৰসংগ্ৰামী চিৰসুন্দৰ
চিৰহাস্য কলাকাৰ কলাগুৰু।
হে’ কালজয়ী
তোমাক জনাইছো শত সহস্ৰ প্ৰণাম 🙏🙏
ৰূপালী মহন্ত