কামৰূপ মহানগৰত শিশু  শ্ৰমিক দূৰীকৰণ সপ্তাহৰ শুভাৰম্ভ

pc- wikipedia

কামৰূপ মহানগৰত শিশু  শ্ৰমিক দূৰীকৰণ সপ্তাহৰ শুভাৰম্ভ

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি কামৰূপ মহানগৰ জিলাৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাযাৰ্লয়ৰ উদ্যোগত আৰু জিলা পযাৰ্য়ৰ শিশু শ্ৰমিক প্ৰতিৰোধী টাস্ক ফৰ্চ, ৱল্ডৰ্ ভিজন আৰু বচপন বচাও আন্দোলনৰ সহযোগত জিলাখনত শিশু শ্ৰমিক দূৰীকৰণ সপ্তাহ কাৰ্যসূচী আৰম্ভ কৰা হৈছে৷  বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ দিনটোত গুৱাহাটীৰ কামৰূপ মহানগৰ জিলাৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাযাৰ্লয়ৰ পৰা এক মোবাইল ৰেলী ফ্লেগ অফ কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়৷ এই ৰেলীৰ শুভাৰম্ভ কৰে কামৰূপ মহানগৰ জিলা আইনী সেৱা প্ৰাধিকাৰীৰ সচিব চাতুৰ্য্য প্ৰসাদ তালুকদাৰ আৰু কামৰূপ মহানগৰ জিলাৰ সহকাৰী শ্ৰম আয়ুক্ত কনপাই দাসে৷ উল্লেখ্য যে সমাজৰ পৰা শিশু শ্ৰমিক সম্পূৰ্ণৰূপে দূৰীকৰণৰ লক্ষ্যৰে ‘শিশু শ্ৰমিকৰ সমাপ্তিৰ বাবে সাৰ্বজনীন সামাজিক সুৰক্ষা’ বিষয়বস্তুৰে আৰম্ভ হোৱা এই শিশু শ্ৰমিক দূৰীকৰণ সপ্তাহ অহা ২০ জুন পৰ্যন্ত চলিব৷ মোবাইল ৰেলীৰ শুভাৰম্ভ কৰি জিলা আইনী সেৱা প্ৰাধিকাৰীৰ সচিব চাতুৰ্য্য প্ৰসাদ তালুকদাৰে সমাজৰ পৰা শিশু শ্ৰমিকৰ সমস্যা সম্পূৰ্ণৰূপে আঁতৰ কৰাৰ বাবে এতিয়াও বহুখিনি কৰণীয় আছে বুলি উল্লেখ কৰে৷ তেওঁ কয় যে শিশুসকলক শ্ৰমিক ৰূপে নিয়োগ কৰাটো যে এক দণ্ডনীয় অপৰাধ, সেই সম্পৰ্কে এতিয়াও বহুলোক অজ্ঞ ৷ সেয়েহে এইক্ষেত্ৰত থকা আইনী ব্যৱস্থাসমূহৰ সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে শ্ৰম বিভাগক সকলো অংশীদাৰী চৰকাৰী বিভাগে সহযোগিতা আগবঢ়াব লাগিব বুলিও সচিবগৰাকীয়ে উল্লেখ কৰে৷ সভাত বক্তব্য ৰাখি সহকাৰী শ্ৰম আয়ুক্ত কনপাই দাসেও সমাজৰ পৰা শিশু শ্ৰমিকৰ ব্যাধি আঁতৰ কৰাৰ বাবে চৰকাৰীভাৱে বহু কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে যদিও জনসাধাৰণৰ মাজত পযাৰ্প্ত সজাগতাৰ অভাৱৰ বাবে ইয়াৰ সম্পূৰ্ণ নিৰাময় সম্ভৱ হৈ উঠা নাই বুলি উল্লেখ কৰে৷ তেওঁ এই কাৰ্যসূচীৰ জৰিয়তে  শ্ৰমিক কল্যাণ বিভাগে সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে প্ৰয়াস চলাব বুলি উল্লেখ কৰে৷ অনুষ্ঠানত ৱৰ্ল্ড ভিজনৰ প্ৰগেম মেনেজাৰ সুবিমল গল্ডস্মিথ, বচপন বচাও আন্দোলনৰ ৰাজ্যিক সমন্বয়ক ববিতা শইকীয়া, শ্ৰম বিষয়া নিজৰা হাজৰিকা আৰু বেচৰকাৰী সংগঠন ‘ষ্টেপ’ৰ সচিব সট্টৰ চৌধুৰীও উপস্থিত থাকে৷ এই অনুষ্ঠানত উপস্থিত সকলোকে বিশ্ব শিশু মিক শ্ৰবিৰোধী দিৱসৰ শপত বাক্যও পাঠ কৰোওৱা হয়৷ উল্লেখ্য যে এই কাৰ্যসূচীৰ অংশস্বৰপে পল্টন বজাৰ আৰু ধীৰেনপাৰাত দুখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়৷ অন্যহাতে অহা ২০ জুন পৰ্যন্ত চলিবলগীয়া শিশু শ্ৰমিক দূৰীকৰণ সপ্তাহৰ অংশস্বৰূপে সহকাৰী শ্ৰম আয়ুক্তৰ কাযাৰ্লয়ে সজাগতা সৃষ্টিৰ বাবে মহানগৰৰ বিভিন্ন এপাৰ্টমেণ্ট, শ্ব’পিঙ মল, বিদ্যালয় আদিত সজাগতা অভিযান, আলোচনাচক্ৰ আদি কাৰ্যসূচী হাতত লোৱাৰ লগতে মহানগৰৰ কেইবাঠাইতো শিশু শ্ৰমিক উদ্ধাৰ অভিযানো চলাব৷