কামৰূপ জিলাৰ কোভিড পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰিলে জিলা উপায়ুক্তই

pc Johns Hopkins Medicine

অনলাইন  বাৰ্ত্তাসেৱা –  কামৰূপ জিলাত বৰ্তমান কোভিড-১৯ পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ অৰ্থে জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত উপায়ুক্ত কৈলাশ কাৰ্তিকৰ সভাপতিত্বত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয়৷ জিলা স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত প্ৰতীম কাঠকটীয়া, যুটীয়া সঞ্চালক ডাঃ গুণ গোবিন্দ দেৱ শৰ্মা, জিলা প্ৰতিষেধক বিষয়া ডাঃ যুগল দাসকে ধৰি স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ববীয়াসকল আৰু জিলা আয়ুক্তসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই পৰ্যালোচনা সভাত কামৰূপ জিলাত যোৱা ১৫ দিনত কোভিড-১৯ ৰ সংক্ৰমণ, পজিটিভ ৰোগীৰ পৰিচৰ্যা, প্ৰাতিষ্ঠানিক আছুতীয়াকৰণ, প্ৰতিষেধক প্ৰদান আদি সম্পৰ্কত পৰ্যালোচনা কৰা হয়৷
উল্লেখযোগ্য যে জিলাখনত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত ১৪,৭০৭ গৰাকী ৰোগীৰ ভিতৰত ১৩,৩৪৮ গৰাকী ইতিমধ্যে সুস্থ হৈ উঠিছে আৰু ১,৩৫৯ গৰাকী চিকিৎসাধীন হৈ আছে৷ এনেদৰে জিলাখনত বৰ্তমানলৈ কোভিড ৰোগী সুস্থ হোৱাৰ হাৰ ৯০.৭৬ শতাংশ হৈছেগৈ৷ আনহাতে এই মহামাৰীত জিলাখনত এতিয়ালৈ ২৬৫ গৰাকী লোক মৃত্যুমুখত পৰিছে৷ ইয়াৰ ভিতৰত যোৱা ১৫ দিনৰ ভিতৰত ২৬ গৰাকী লোকৰ মৃত্যু হয়৷ জিলাখনত মৃত্যুৰ হাৰ হৈছে ১.৮০ শতাংশ৷
কোভিড-১৯ প্ৰতিৰোধী ব্যৱস্থা হিচাপে জিলাখনত কোভিড পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে৷ জিলাখনত এতিয়ালৈ ৩,১৫,৫২২ গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে৷ ইয়াৰে ২,৬০,৪৭১ গৰাকীয়ে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰাৰ বিপৰীতে ৫৫,০৫১ গৰাকীয়ে দুয়োপালি গ্ৰহণ কৰিছে৷
জিলা উপায়ুক্তগৰাকীয়ে প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত আৰু অধিক ক্ষিপ্ৰতাৰে আগবঢ়িবলৈ নিৰ্দেশ দিয়াৰ লগতে অধিক কোভিড সক্ৰিয় ৰোগী থকা অঞ্চলসমূহত প্ৰতিদিনত প্ৰতিষেধক প্ৰদান কৰাৰ হাৰ বঢ়াবলৈ নিৰ্দেশ দিয়ে৷ উদাহৰণ স্বৰূপে শুৱালকুছি আৰু আজাৰাত প্ৰায় ৫ শতাংশ কোভিড পজিটিভ ৰোগী থকাৰ প্ৰতি লক্ষ্য এই অঞ্চলৰ প্ৰতিগৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰাটো নিশ্চিত কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে৷ আনহাতে উত্তৰ গুৱাহাটীত প্ৰতিষেধক প্ৰদানৰ হাৰ জিলা ভিত্তিক হাৰতকৈ যথেষ্ট কম হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত এই গতি খৰতকীয়া কৰিবলৈও উপায়ুক্তগৰাকীয়ে আহ্বান জনায়৷