কামৰূপ আৰক্ষীৰ অভিযানত ৬ কোটি টকাৰ ড্ৰাগচ জব্দ

PC - onmanorama

কামৰূপ আৰক্ষীৰ অভিযানত ৬ কোটি টকাৰ ড্ৰাগচ জব্দ

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰী ড°’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে দীৰ্ঘ দিন ধৰি চলি থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে কামৰূপ আৰক্ষীয়ে আন এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । আমিনগাঁৱত জব্দ কৰা হৈছে প্ৰায় ৬ কোটি টকা মূল্যৰ হিৰ’ইন । ML 05 M 0748 নম্বৰৰ বলেৰ বাহন খনত সৰবৰাহ কৰা হৈছিল বৃহৎ পৰিমাণৰ হেৰ’ইন খিনি ।এক গোপন সুত্ৰৰ পম খেদি আমিনগাঁৱত জব্দ কৰা হয় বাহনখন । বাহনখনৰ চিটৰ তলত গোপন চেম্বাৰ বনাই অনা হৈছিল হেৰ’ইন খিনি। ৬০ টা চাবোনৰ পেকেটত উদ্ধাৰ কৰা হয় ড্ৰাগছ খিনি । মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল ড্ৰাগছ খিনি । ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এগৰাকী মহিলা সহ তিনি কুকী ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিছে । আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইজন হৈছে কাৰ্বিআংলংৰ খুপখলেন সিংচন, মনিপুৰৰ থাংখান চিয়াম আৰু লালাম খনচাই । মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্ত, কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় আৰু DSP কল্যান পাঠকৰ নেতৃত্বত চলাছিল এই অভিযান । আজি উত্তৰ গুৱাহাটী আৰক্ষী থানাত এখন সংবাদ মেল অনুষ্ঠিত কৰি কামৰূপ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে উল্লেখ কৰে যে মণিপুৰৰ পৰা কাৰ্বিআংলং হৈ পশ্চিমবংগলৈ সৰবৰাহ কৰা হৈছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ খিনি। এক গোপন সুত্ৰৰ ভিত্তিত প্ৰায় এমাহ ধৰি মণিপুৰৰ ম’ৰে জিলাত খাপ পিতি আছিল কামৰূপ আৰক্ষীৰ চোৰাংচোৱা । অবশেষত কালি জব্দ হয় বৃহৎ পৰিমানৰ ড্ৰাগছ খিনি। সংবাদ মেল খনত কামৰূপৰ DSP কল্যাণ পাঠকো উপস্থিত আছিল ।