কামেৰে জীৱনটো সংৰক্ষণ কৰোঁ আহক – ড০ ইভা হাজৰিকা

pc Pratidin Time

কামেৰে জীৱনটো সংৰক্ষণ কৰোঁ আহক

ড০ ইভা হাজৰিকা,
অধ্যক্ষা, এছ কে হাজৰিকা কলেজ, গুৱাহাটী

কিছুদিনৰ আগতে সত্তৰোৰ্ধ্বৰ দুজন ব্যক্তিৰ (পতি-পত্নী) লগত পৰিচয় হ’লোঁ। দুয়োগৰাকী চৰকাৰী চাকৰিৰ পৰা অৱসৰ লৈছিল। তেওঁলোকৰ পৰিয়ালৰ বিষয়ে বুজ লৈ গম পালোঁ তেওঁলোক একেবাৰে অকলশৰীয়া। তেওঁলোকৰ কোনো সতি-সন্ততি নাই। যিহেতু তেওঁলোক চৰকাৰী উচ্চ পৰ্যায়ৰ চাকৰিয়াল আছিল সেয়ে ধনৰ অভাৱ নাই। তেওঁলোকে সঞ্চিত ধনেৰে কি কৰিব পাৰে তাৰহে চিন্তা কৰিছে। অৱশ্যে মই গুৱাহাটীৰ যিটো অঞ্চলত বাস কৰোঁ তাৰ ওচৰে-পাঁজৰে থকা প্ৰায়বোৰ অসমীয়া মানুহৰ ঘৰত পতি-পত্নীৰ বাহিৰে ঘৰবোৰত আন কোনো নাই। একো ঘৰত আকৌ কেৱল এজন। সন্তানসকল জীৱিকাৰ বাবে বাহিৰলৈ ওলাই যাব লগা হৈছে। তেওঁলোকৰ নিজৰ নিজৰ জীৱনৰ সপোন পূৰাব লাগিব, যেনেকৈ এদিন তেওঁলোকৰ পিতৃ-মাতৃয়ে কৰিছিল। আপোনাৰ অঞ্চলৰ আশে-পাশে থকা ব্যক্তিসকলক মন কৰক, আপুনি বা তেওঁলোকে একালত অসমৰ কোনোবা এখন জিলাৰ ভিতৰুৱা গাঁও এখনত শিপা এৰি থৈ আহিছে। সময়ৰ পৰিৱৰ্তনে এনেকৈ সজাই পেলায় যে গাঁৱৰ সেই জীৱন ধাৰণৰ প্ৰক্ৰিয়া মাথোঁ স্মৃতি হৈ ৰ’ল। জীৱনৰ ব্যস্ততাত কেতিয়াও গাঁৱৰ জীৱনৰ কথা মনলৈ আনিবলৈ মন নাযায়। কিন্তু বৃদ্ধি অৱস্থাত আকৌ সেই দিনবোৰৰ কথা মনলৈ আহে। অন্য কাৰণত নহয়, অকলশৰীয়া জীৱনৰ আমনিদায়ক সময়ে সেই দিনবোৰৰ কথা মনলৈ আনে। চাকৰি কৰি থকা অৱস্থাত বা কর্মঠ হৈ থকা অৱস্থাত যি দেহৰ শক্তি বা মনৰ শক্তি থাকে, সিয়েই মানুহজনক পৰিচালনা কৰে। চাকৰি কালত বিয়াগোম পদবীত থাকোঁতে সাধাৰণ মানুহ নালাগে বন্ধুজনো ওচৰ চাপিব নোৱাৰাটো বহুজনৰ ক্ষেত্ৰত সাধাৰণ কথা। তেনে ব্যক্তি বৃদ্ধাৱস্থাত যেতিয়া বন্ধুজনৰ কাষতে বহি নামঘৰত ভগৱান চিন্তা কৰা দেখা যায়, তেতিয়া মনলৈ নানান ভাব আহে। একেই কথা ৰাজনীতিত জড়িত বহুজনৰ ক্ষেত্ৰতো হয়। চৰকাৰী ক্ষমতা হেৰুওৱাৰ পাছত এনে ব্যক্তিসকলৰ দাম্ভিকতা নাইকিয়া হৈ পৰে। ভগৱানে একালৰ চৰকাৰী শক্তিৰে মূল্যৱান ব্যক্তি বুলি জীৱনকাল বঢ়াই নিদিয়ে। একালৰ এজন প্ৰভাৱশালী ব্যক্তিয়ে বৃদ্ধাৱস্থাত চলনশক্তি আৰু বাকশক্তি হেৰুৱাই সকলোৰে অৱহেলাত জীয়াই থাকিব লগাটো বৰ পৰিতাপৰ কথা। এনে ব্যক্তিও নথকা নহয়, যি চাকৰি কালত কাকো কেতিয়াও সহায় নকৰাটোৱে ধৰ্ম। মনলৈ এনে ভাব নাহে যে জীৱনত কেতিয়াবা তেৱোঁ সহায়ভিক্ষা খুজিব লগা হ’ব পাৰে। ধন থাকিলেই সকলো কাম সম্ভৱ হ’ব সেয়া সঁচা নহয়। শুনিবলৈ পাইছিলোঁ এবাৰ এজন ব্যক্তিৰ দেহত এনে এটি অসুখ হ’ল যে ডাক্তৰে তেওঁক সুস্থ কৰি তুলিবলৈ অপৰাগ। ব্যক্তিজনৰ হাতত আছিল প্ৰচুৰ ধন। তেওঁ বহু ধন বেগ এটাত ভৰাই ডাক্তৰৰ ওচৰ পালেগৈ। সেই বিশেষ ৰোগৰ বাবে সেইজনেই আটাইতকৈ ভাল ডাক্তৰ হিচাপে জনাজাত। ডাক্তৰক ধনখিনি দি ক’লে যে এই সমুদায় ধন আপোনাক দিছোঁ মোক মাথোঁ ভাল কৰি দিয়ক। ডাক্তৰজনে জনালে যে তেওঁৰ ৰোগটো বহু বেছিকৈ দেহত সোমাই পৰিল, যাৰ ফলত তেওঁৰ আৰু চিকিৎসা নাই। বহু ধন দিলেই ৰোগ ভাল কৰিব পৰা নাযায়। ৰোগীজন বৰ অসহায় হৈ পৰিল। তেওঁ টকাৰ বেগটো বাহিৰলৈ আনি ধনখিনি হাস্পতালৰ চাৰিওফালে ছটিয়াবলৈ ধৰিলে। তাৰ পাছত তেওঁ খালী হাতেৰে বিষাদ মনেৰে ঘৰলৈ ঘূৰি যায়। তেওঁ বুজি পালে যে সেই সময়ত তেওঁৰ ধনৰ আৰু একো মূল্য নাই। তেওঁৰ অগাধ সম্পত্তি আছে, ধন আছে, সেইবোৰ অৰ্জন কৰিবলৈ অসীম কষ্টৰ প্রয়োজন হৈছিল, কিন্তু জীৱন নামৰ সম্পদটোক ৰক্ষা কৰিবলৈ এইবোৰে সহায় কৰিব নোৱাৰিলে ।

এতিয়ো আহোঁ আচল কথাটোলৈ। মানুহে আয় কৰিব জানে, কিন্তু ব্যয় কৰিব নাজানে। কথাটোৰ শুদ্ধা-শুদ্ধ বিচাৰ কৰি চাওঁচোন। বিশেষভাৱে অসমীয়া মানুহৰ ক্ষেত্ৰত ধন থকা মানুহে উচিত কামত ধন খৰচ কৰিব নজনাটো দুর্ভাগ্যজনক। আমাকনো কিমান ধনৰ প্রয়োজন ?  আর্জিত ধন আমি জীৱিকাৰ বাবে খৰচ কৰাৰ উপৰি জমা কৰি গৈছোঁনে ?  মাহিলি বহুজনক বেতন দিব লগা হৈছেনে, নে ঋণৰ বোজা পৰিশোধ কৰিব লগা হৈছে? নে কথমপি চলি থাকিব পাৰিছোঁ। উপাৰ্জনৰ ধৰণ যিয়েই নহওক বা যিমানেই নহওক লাগে ব্যয়ৰ দিশটো মন কৰা দৰকাৰ। ধন এনে এটি বস্তু যিয়ে মানুহক সন্তুষ্ট কৰিব নোৱাৰে। ইয়াৰ প্ৰতি মানুহৰ লোভ বাঢ়ি গৈ থাকে। এই লোভ এদিন শেষ হ’ব লাগে। ভবা উচিত নহয় যে কেইবাটাও প্রজন্মলৈ আপুনি উপাৰ্জন কৰি থৈ যাব লাগিব। সন্তানে অৰ্জন কৰিব পৰা হোৱাৰ পাছত নিজৰ আৰ্জিত ধনেৰে কি কি কৰ্ম কৰিব লাগে তাক চিন্তা কৰা উচিত। এজন মানুহৰ বহু ধন থাকিব পাৰে, কিন্তু কাম কৰিব পৰা মন নাথাকে। বহু মানুহ আছে সমাজৰ বাবে বা জাতীয় দায়িত্ব বুলি ভাবি কিছু কৰ্ম কৰাৰ সাংঘাতিক হেঁপাহ থাকে, কিন্তু তেওঁৰ তেনে কৰ্মৰ প্ৰয়োজনীয় ধন নাই। কেইজনমান বৃদ্ধ ব্যক্তিৰ মনৰ উমান পাইছিলোঁ। এজন ব্যক্তিয়ে অনা-অসমীয়া পত্নী আৰু পুত্ৰক জীৱনৰ মাজবাটতে এৰি অকলে থাকিব লগা হ’ল। অগাধ সম্পত্তিৰ ব্যক্তিগৰাকীয়ে শেষ বয়সত নিজে অৰ্জন কৰা ধনসমূহৰ উপৰি পৈতৃক মাটি, বাৰী, সম্পত্তিসমূহো চম্ভালিব নোৱাৰা হ’ল। অৱশেষত সকলো বিক্ৰী কৰি ধনৰাশি কাক দি যাব সেই বিষয়ে চিন্তা কৰাৰ কথা জানিব পাৰিছিলোঁ। কাৰণ পত্নী-পুত্ৰৰ লগত সম্পর্ক নাছিল আৰু তেওঁলোকক সেই ধনৰ প্ৰয়োজনো নাই। এজনে গোটেই জীৱন ধন সঞ্চয় কৰি ৰাখিবৰ বাবে নিজে নগণ্য সুবিধা গ্রহণ কৰি বিলাসিতাহীন জীৱন অতিবাহিত কৰিলে। একমাত্র কন্যাৰ বিবাহৰ পাছত বিদেশলৈ গুচি গ’ল, তেতিয়া তেওঁৰ সঞ্চিত ধন জীৱনকালতে খৰচৰ উপায় চিন্তা কৰাৰ কথা জানিছিলোঁ। এনেধৰণৰ বহু কথাই সকলোকে নিশ্চয় ভবাই তোলে। কোনো লোকৰ কোটি টকাৰ উপাৰ্জন কেৱল নিজৰ সৰু পৰিয়ালটোৰ সম্ভোগতেই ব্যয় কৰি ভাল পায়। বহু লোকৰ জীৱনত ধন আৰু মন দুয়োটাই নোজোৰে। আকৌ বহু লোক আছে তেওঁলোকৰ উপাৰ্জনৰ সামান্য অংশৰে সামাজিক কৰ্ম কৰি ভাল পায়। এটা কথা একেবাৰে সত্য যে ধন থকা বহু লোকৰ সামাজিক কাম কৰিব পৰা পৰিকল্পনা শক্তিৰ অভাৱ। ধন আছে মনো আছে, কিন্তু কোনোৱে বাট দেখুৱাব লাগিব।

মোৰ মনলৈ এটা ভাব সদায় আহি থাকে। যিসকল ব্যক্তিয়ে ইতিমধ্যে অৱসৰ লৈছে হাতত অফুৰন্ত সময় আৰু ধন আছে তেওঁলোকে এটা কাম কৰিবলৈ আগবাঢ়িব পাৰে। কামটো অকলশৰীয়াকৈ কৰিব পাৰে বা একোটা গোট হৈও কৰিব পাৰে। অঞ্চল ভেদে সৰু সৰু একোটা মিউজিয়ামৰ ব্যৱস্থা কৰিব পাৰে। হয়তো এনে লোক ওলাব পাৰে তেওঁৰ ঘৰটোৰ এটা অংশ এনে কামৰ বাবে ব্যৱহাৰ কৰিবলৈ দিব পাৰে। অলপতে এজন চৰকাৰী ডাঙৰ বিষয়াই অৱসৰৰ পাছত তেওঁৰ মূল্যৱান বহু বস্তু কি কৰিব সেই লৈ চিন্তিত হৈ আছিল৷ তেনে ধৰণে বহুতৰ হাতত হয়তো আনক দেখুৱাব পৰাকৈ জীৱনত আর্জিত বহুত সম্পদ থাকিব পাৰে। এটা অঞ্চলত পাতিব খোজা মিউজিয়ামটো কি বিষয়ৰ হ’ব সেইটো লোককেইজনৰ আগ্ৰহৰ পৰা বাছি উলিয়াব পাৰে। ধৰি লওক এজন লোক অসমত তৈয়াৰী কাঁহৰ বস্তুৰ ওপৰত আগ্ৰহী আৰু কোনো এজন হয়তো পুৰণি পইচা সংগ্ৰহৰ প্রতি আকর্ষিত। এই দুইবিধেৰে একোটাকৈ মিউজিয়াম কৰিব পৰা যায়। অসমত উৎপাদিত কৃষিজাত সামগ্ৰীসমূহৰ ফটো আৰু দ্ৰব্যও এটা বিষয় হ’ব পাৰে। অসমৰ থলুৱা উদ্ভিদসমূহৰ ফটো বা হাৰবেৰিয়াম, সংগীত জগতত ব্যৱহাৰ হোৱা থলুৱা বাদ্যযন্ত্ৰ, পুৰণি গ্ৰন্থৰ একোটাকৈ মিউজিয়াম হ’ব পাৰে। পৃথিৱীৰ আগশাৰীৰ দেশসমূহত দেখা যায় সৰু সৰু একোটা বস্তুৰেই একোটা আকর্ষণীয় মিউজিয়াম গঢ় লৈ উঠে। ব্যক্তিগতভাৱে মোৰ লাখুটিৰ এটা মিউজিয়াম, কটাৰীৰ এটা মিউজিয়াম চোৱা মনত আছে। আমি এতিয়া ভবা মিউজিয়ামটো চুবুৰিকেন্দ্ৰিক, কিন্তু সেইটোত হয়তো দেশ-বিদেশৰ মানুহৰ পদধূলা পৰিবহি পাৰে। অৱসৰ লৈ আমনি পাই থকা ব্যক্তিকেইজনমান ব্যস্ত হৈ এনে এটা গঠনমূলক কাম কৰি ভৱিষ্যতলৈ নিজকে সংৰক্ষণ কৰিব পাৰে। গঠনমূলক কামসমূহত বাধা দিওতা অনেক ওলাব পাৰে, কিন্তু সেইবোৰলৈ মন দিব নালাগে। এটি সুন্দৰ পৰিকল্পনাৰে কামত আগবাঢ়িব লাগে। বাস্তৱ সত্যটো হৈছে মানুহক জীৱনেৰে বা টকা-পইচাৰে স্থায়ী কৰিব নোৱাৰে, কৰ্মৰেহে মানুহক স্থায়ী কৰিব পাৰে। গঠনমূলক কামেৰে মানুহৰ মনত এক প্রশান্তিৰ ভাব আনিব পাৰে, ভৱিষ্যৎ প্রজন্মকো এনে কাম কৰিবৰ বাবে উদ্‌গনি দিয়া হ’ব।