কামপুৰৰ বান বিভীষিকাৰ কৰুণ ছবি

কামপুৰৰ বান বিভীষিকাৰ কৰুণ ছবি

কচুৱা, ৰঙিলী বাৰ্ত্তাসেৱা-  কামপুৰৰ বান বিভীষিকাৰ কৰুণ আৰু হৃদয় বিদাৰক ছবি। দুটা সপ্তাহে ৰাজপথত আশ্ৰয় লৈ দুৰ্বিসহ জীৱন কটাইছে কামপুৰৰ কচুৱাৰ ১ নং ফাকলিৰ বন্যাৰ্তই। নিজৰ আপোন ঘৰখন ভাঙি তচনচ কৰি পেলাইছে বছৰৰ দ্বিতীয়টো বলিয়া বানে। আপোন ঘৰখন দেখি চকুলো টুকিছে বানত সৰ্বস্বান্ত হোৱা ১নং ফাকলিৰ বানাক্ৰান্তই। খোৱা পানীৰ অভাৱত বানৰ পানীকে ফিটকাৰী মাৰি সেৱন বন্যাৰ্তৰ। ৰহাৰ বিধায়ক শশীকান্ত দাসৰ লগতে প্ৰশাসনে খবৰ নোলোৱাৰ অভিযোগ বন্যাৰ্তৰ। কেৱল দুদিনৰ ৰিলিফ দিয়ে দায়িত্ব সামৰিছে প্ৰশাসনে। উল্লেখযোগ্য যে কামপুৰ বৈঠালাংছ পথৰ ওপৰত এতিয়াও তিনিশ টা পৰিয়ালে তিৰপালেৰে তম্বুৰ সহায়ত আশ্ৰয় লৈ দুৰ্বিসহ জীৱন কটাইছে বানাক্ৰান্তই। মুঠতে এক ধ্বংসস্তুপত পৰিনত কৰিছে কামপুৰৰ কচুৱাৰ ১ নং ফাকলিৰ বহু পৰিয়ালৰ বাসগৃহ। উপায়হীন হৈ খাটাং খবৰৰ জড়িয়তে নিজৰ সপোনৰ ঘৰখন ঠিক কৰিবলৈ মুখ্য মন্ত্ৰীক সহায়ৰ আহ্বান বানত সৰ্বস্বান্ত হোৱা দুৰ্ভোগীয়া বন্যাৰ্তৰ।