কাজিৰঙা লৈ বুলি – বন্দিতা শৰ্মা কন্দলি

PC - Kaziranga National Park

কাজিৰঙা লৈ বুলি …

শাৰদীয় শৰতৰ সুভাষ বিচাৰি
ভাবিলো জীৱ জন্তু ৰ সৈতে কৰোঁ ধেমালি।
খদমদম, উথপথপ বাট -পথ ফালি
ৰাওনা হʼলো ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা লৈ বুলি …
গাড়ী গ’ল আগুৱাই ,গছ গ’ল পিছুৱাই
সুদূৰৰ পাহাৰে মন নিলে হৰি,

হঠাৎ এচমকা কলীয়া ডাৱৰে মাৰিলে ভুমুকি
আহিল এজাক বৰষুণ কিণ কিণ কৰি
লক্ষ্য স্থান ত নামিলোঁ বোকাপানী খচকি।
বাঘ, হৰিণ,চৰাই চিৰিকটি আৰু চাম হাতী
এশিঙীয়া গঁড়ৰ প্ৰতি হেঁপাহ হে বেছি ।
হাঁহি হাঁহি উলাহতে উঠিম জীপ চাফাৰীত !
সময়ৰ নিমিলা অংকত
নহ’ল জীপ চাফাৰী!
আছিল পাছে হৰিণা ,মহ ,গড় জলাহত চৰি
দূৰবীক্ষণে আনি দিলে সকলোকে ওচৰ কৰি ,
মনৰ উচাহ পলুৱাই কৰিলোঁ যাত্ৰা ওভটনিৰ!
পনীৰ ৰোল ,জেলাপী খাই
মাৰিলো পেটৰ পোৰণি।
গাড়ীৰ গতি ৰোধত প্ৰাণীৰ প্ৰাণ বাছে ,
জীৱ জন্তুৰ সুৰক্ষা আমাৰ হাততেই আছে।

বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও