কাজিৰঙা- ময়ুৰাক্ষী গগৈ

pc onmanorama

কাজিৰঙা

কাজিৰঙা কাজিৰঙা,
বিশ্ব ঐতিহ্যৰ স্থল তুমি।
চাৰিওফালে নয়ন ভৰি যোৱা
চিৰসেউজ অৰণ্য আৰু ঘাঁহনি,
মূল্যবান গছৰ পৰা আৰম্ভ কৰি
ফল-মূলৰ গছ, ঔষধি গছ
আৰু যে কত কি?
কাজিৰঙা তুমিয়েই যে
বন্যপ্ৰাণীৰ আশ্ৰয়স্থল।
তোমাৰ বুক শুৱনি কৰিছে
আপুৰুগীয়া এশিঙীয়া গঁড়ে।
তোমাৰ খাল-বিল, জলাশয় ভৰি আছে
মাছ,কাছ,ঘঁৰিয়াল আৰু
পৰিভ্ৰমী চৰাই বোৰে।
তোমাৰ সৌন্দৰ্যৰ আকৰ্ষণত
দেশী বিদেশী পৰ্যটকে ভিৰ কৰেহি।
তোমাৰ এই সৌন্দৰ্যই আকৌ
কাৰোবাক দিছে জীৱিকাৰ বাট।
কাজিৰঙা, ধন্য তুমি!
ধন্য তোমাৰ সৌন্দৰ্য।

ময়ুৰাক্ষী গগৈ