কাছাৰত ভয়াবহ ‌বানৰ তাণ্ডৱ চলি থকাৰ পাঁচদিন অতিক্ৰম হোৱাৰ পাছতহে অভিভাৱক মন্ত্ৰী অশোক সিংঘল শিলচৰত উপস্থিত

কাছাৰত ভয়াবহ ‌বানৰ তাণ্ডৱ চলি থকাৰ পাঁচদিন অতিক্ৰম হোৱাৰ পাছতহে অভিভাৱক মন্ত্ৰী অশোক সিংঘল শিলচৰত উপস্থিত

ৰঙিলী বাৰ্ত্তাসেৱা-  কাছাৰত ভয়াবহ ‌বানৰ তাণ্ডৱ চলি থকাৰ পাঁচদিন অতিক্ৰম হোৱাৰ পাছতহে অভিভাৱক মন্ত্ৰী অশোক সিংঘল শিলচৰত উপস্থিত হৈছেহি। যি সময়ত বানত বুৰ গৈ দুই শিশু সহ ছয় গৰাকী লোকৰ মৃত্যু হৈছে তেনে সময়ত মন্ত্ৰীৰ কোনো খা-খবৰ লোৱাৰ বাবে সময় নহ’ল। ইয়াৰ বাবে ৰাইজৰ মাজত তীব্ৰ ক্ষোভ পৰিলক্ষিত হৈছে। এই দিনা পুৱাৰ ভাগত মন্ত্রী সিংঘলে লগত কিছু ত্ৰাণ ত্রাণসামগ্রী লৈ বিমানযোগে কুম্ভীরগ্রাম বিমানবন্দৰত উপস্থিত হয়। মন্ত্ৰী কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা পোনে পোনে শিলচৰৰ বিজেপি কার্য্যালয়ত উপস্থিত হৈ দলীয় কর্মকর্তাৰ সৈতে সাক্ষাৎ কৰে। পাছত মন্ত্রী অশোক সিংঘলে আশ্রয় শিবিৰ পৰিদর্শন কৰে । পিছত বান কৱলিত এলেকা সমূহ পৰিদর্শন কৰে । পাছত সংবাদ মাধ্যমৰ মুখামুখি হৈ মন্ত্রীয়ে কয়, মুখ্যমন্ত্রীৰ নির্দেশত শিলচৰত উপস্থিত হৈ পোনতে তেওঁ শিলচৰৰ আশ্রয় শিবিৰ আৰু বিভিন্ন বান কৱলিত এলাকা পৰিদর্শন কৰে । বিয়লি জিলা প্রশাসন আৰু স্থানীয় বিধায়ক,সাংসদৰ সৈতে এখন জৰুৰী বৈঠকত মিলিত হয় । তেওঁ কয়, কাছাৰত বান পৰিস্থিতি ভয়াবহ ৰূপ ধাৰণ কৰিছে যদিও বর্তমান বিপদমুক্ত পৰিবেশ। কিন্তু আকৌ বৰষুণ পৰিলে পানী বাঢ়ি যোৱাৰ আশঙ্কা আছে। বৰ্তমান প্রশাসনে বান প্ৰতিৰোধৰ‌ বাবে প্রস্তুতি লৈছে। নিত্য প্রয়োজনীয় দ্রব্য মূল্য বৃদ্ধি সন্দৰ্ভত তেওঁ কয়, ৰাইজে ভয় পোৱাৰ কোনো কাৰণ নাই । এতিয়ালৈ‌ পর্যাপ্ত পৰিমানে পণ্য সামগ্রী মজুদ আছে। সেয়েহে মূল্য বৃদ্ধিৰ সম্ভাৱনা নাই। উল্লেখ্য যে, কাছাৰত বান পৰিস্থিতি উদ্বেগজনক। বৰাক নদীৰ জলসীমা এতিয়াওহ বিপদসীমা অতিক্রম কৰিছে । জিলাখনত ২৮৮ টি গাঁৱৰ ১ লক্ষ ১৯ হাজাৰ ৬৭০ জন বানৰ কবলত। ৬৪ টা ত্ৰাণ শিবিৰত ১১ হাজাৰ ৬৯৩ জন আশ্রয় লৈছে। ৭২২৪ টা ঘৰ ক্ষতিগ্রস্ত হয়েছে।কালি জিলাৰ বিভিন্ন স্থানৰ পৰা বানত আৱদ্ধ ১২৫২ গৰাকীক উদ্ধাৰ কৰা হৈছে।