কাউৰীয়ে কাণ কাঢ়ি নিলে – চন্দ্ৰ শেখৰ পৰাজুলী

Pc Peakpx
কাউৰীয়ে কাণ কাঢ়ি নিলে
এসময়ত বয়জ্যেষ্ঠ সকলে আকাশৰ উৰি থকা কাউৰীবোৰ দেখি আমাৰ শিশু অৱস্থাত কি বুলি জোকোৱাত ব্যস্ত আছিল জানে, চোৱা চোৱা সৌৱা উৰি থকা কাউৰীয়ে তোমাৰ কাণ এখন কাঢ়ি নিলে। আৰু আমি তেতিয়া নিজৰ কাণ খন ভালদৰে ছোৱাৰ পৰিবৰ্তে আনৰ উৰাবাতৰি শুনি কাউৰীক ধৰিবলৈহে দৌৰ আৰম্ভ কৰি দিছিলোঁ। আচলতে সেই তেতিয়া মস্তিষ্কৰ পূৰ্ণাঙ্গ বিকাশ হোৱা নাছিল। সেয়েহে তেতিয়া বয়জ্যেষ্ঠ সকলে কোৱা প্ৰতিটো কথাকে সঁচা আৰু শুদ্ধ বুলি বিবেচনা কৰিছিলোঁ। কিন্তু বৰ্তমান সময়তো এনেধৰণৰ বয়জেষ্ঠ আৰু প্ৰাপ্তবয়স্ক লোকসকল আমাৰ সমাজতে বিদ্যামান আছে,যি কাউৰীয়ে কাণ কাঢ়ি নিলে বুলি যদি কোনোবাই কৈ দিয়ে তেন্তে নিজৰ মস্তিষ্কৰ পূৰ্ণাঙ্গ প্ৰয়োগ নকৰাকৈ,একো বিবেচনা নকৰাকৈ, কেৱল কাউৰীক সেদি যাবলৈ আৰম্ভ কৰি দিয়ে। হয় এসময়ত এনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হোৱাটো বৰ স্বাভাৱিক আছিল। কিন্তু বৰ্তমান সময়ত আমাৰ মাজত সংসাধনবোৰ বহুতো ৰূপত উপলব্ধ আছে। এতিয়াৰ সময়ত যদি আপুনি কাউৰীয়ে কাণ কাঢ়ি নিলে কোৱা শুনি কাউৰীৰ পাছে পাছে দৌৰিবলৈ আৰম্ভ কৰিছে তেন্তে আপুনাতকৈ মূৰ্খ ব্যক্তি এইখন সংসাৰত বহুত কমে বিচাৰি পাব।এতিয়া বিশ্বৰ চৌদিশে কেৱল ইন্টাৰনেটে এক ধুমুহাৰ সৃষ্টি কৰিছে। ইয়াৰ উপৰিও আগৰ তুলনাত দূৰদৰ্শন, বাতৰি কাকত, আলোচনী সমূহ বহু উন্নত মানদণ্ডৰ আৰু প্ৰায়বোৰ ঠাইতে সহজতেই উপলব্ধ হৈ পৰিছে। এতিয়াৰ সময়ত অইন একো নহ’লেও মানুহৰ হাতে হাতে মোবাইল লগত ইন্টাৰনেট একেবাৰে সহজেই উপলব্ধ হৈছে। গতিকে আধুনিক সংসাধনৰ সৎ ব্যৱহাৰ কৰাটো একেবাৰে দৰকাৰ। আৰু যদি আপুনি অলপ বয়জ্যেষ্ঠ তেন্তে অন্য সেই বিষয়ে পাৰ্গত ব্যক্তিসকলৰ পৰা পৰামৰ্শ লোৱা দৰকাৰ। কাৰণ জ্ঞান আয়ত্ত কৰাৰ ক্ষেত্ৰত সৰু,বৰৰ মাজত একো পাৰ্থক্য নাই। গতিকে আজিৰে পৰা কাউৰীয়ে কাণ খন কাঢ়ি নিলে বুলি উৰা বাতৰিত দৌৰি ফুৰাতকৈ প্ৰতিটো বস্তু ধিৰ সুস্থিৰ ভাবে সুস্থ মগজুৰে তন্ন তন্নকৈ বিশ্লেষণ কৰাৰ পাছতহে কোনো এক সিদ্ধান্ত গ্ৰহণ কৰিব। নহ’লে আপোনাৰ কাণ খনি নিজৰ লগতে থকা সত্বেও আপুনি এদিন এৰি এদিন কৈ চৌদিশে কেৱল কাণ বিচাৰি বিচাৰি সদায় হাবাথুৰি খাই থাকিব লগিয়া হ’ব পাৰে। এতিয়াই সাৱধান, নহ’লে মানুহ ৰূপী কাউৰীয়ে আপোনাৰ কাণটো বাদে দিয়ক এদিন আপোনাৰ পৰা সকলোখিনি কাঢ়ি লৈ ল’ৰ ।
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি