কলিয়াবৰৰ বুঢ়াপাহাৰত ভূমিস্খলন

কলিয়াবৰৰ বুঢ়াপাহাৰত ভূমিস্খলন

ৰঙিলী বাৰ্ত্তাসেৱা- মুষলধাৰ বৰষুণৰ মাজতে কলিয়াবৰৰ বুঢ়াপাহাৰত ভূমিস্খলন। মুষলধাৰ বৰষুণৰ ফলতেই প্ৰথমে পাহাৰ প্ৰকাণ্ড গছ পৰি বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথটো। কিছু সময়ৰ পিছতে পাহাৰৰ পৰা খহি পৰে এটা প্ৰকাণ্ড শিলসহ পাহাৰ মাটি-বালি। ফলত দুঘণ্টা সময় ধৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে। ঘটনাস্থলীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া-বনকৰ্মী আৰু জখলাবন্ধা আৰক্ষী উপস্থিত হৈ মুকলি কৰে আবদ্ধ ঘাই পথছোৱা।