কলিতা সম্প্ৰদায়ৰ কন্যাৰে বিবাহপাশত ব্ৰাক্ষ্মণ যুৱকৰ পৰিয়ালক এঘৰীয়া কৰিলে ব্ৰাক্ষ্মণ সমাজে

Pc The Janambhumi

কলিতা সম্প্ৰদায়ৰ কন্যাৰে বিবাহপাশত ব্ৰাক্ষ্মণ যুৱকৰ পৰিয়ালক এঘৰীয়া কৰিলে ব্ৰাক্ষ্মণ সমাজে

ৰঙিলী বাৰ্ত্তাসেৱা-  দৰং জিলাৰ মংগলদৈ কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই ইয়াৰ পশ্চিম সীমান্তৰ  কামৰূপ জিলাত সম্প্ৰদায়,জাতি-ভেদকলৈ সংঘটিত হ’ল  আন  এক আজৱকাণ্ড । ৰাজ্যত নিৰৱচ্ছিন্নভাৱে অন্ধবিশ্বাস,কু-সংস্কাৰ আদিৰ বিৰুদ্ধে ৰজাঘৰ-প্ৰজাঘৰ সকলোৱে মনমোহা কথা-বতৰা,বক্তৃতা আদিৰ ফুলজাৰী মাৰি অহাৰ পিছতো আজি বহুতকে হতবাক আৰু হতচকিত কৰি তোলা কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ মানৱ সমাজত এক বিৰাট  ব্যতিক্ৰমী অঘটন সংঘটিত হ’ল । যি ঘটনাক লৈ এতিয়া বাইহাটা চাৰিআলি অন্ধবিশ্বাস,কু-সংস্কাৰ আদিৰ উৰ্ধত নে বুলিও বহুজনকে দেহ-মন জোকাৰি তোলা আৰু বিবেক দংশন কৰা প্ৰসংগৰো উত্থাপন হৈছে । এই সন্দৰ্ভত প্ৰাপ্ত খৱৰ অনুসৰি মান্ধাতা যুগৰ পৰা প্ৰচলিত অসৱৰ্ণ বিবাহৰ বাবে শেহতীয়াকৈ এখন সমাজে আগডলা গাঁৱৰ এটি ব্ৰাক্ষ্মীণ  পৰিয়ালক এঘৰীয়া কৰাক কেন্দ্ৰ কৰিয়েই বাইহাটা চাৰিআলিত সৃষ্টি হৈছে তীব্ৰ বিৰূপ প্ৰতিক্ৰিয়াৰ । প্ৰাপ্ত খৱৰ আৰু অভিযোগানুসৰি, বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত আগডলা গাঁৱৰ এটি ব্ৰাক্ষ্মীণ পৰিয়ালৰ লোহিত চনদৰ শৰ্মাৰ কণিষ্ঠ পুত্ৰ তপন শৰ্মা আৰু একেখন থানাৰ অন্তৰ্গত মাজগাঁৱৰ কলিতা সম্প্ৰদায়ৰ এটি পৰিয়ালৰ এগৰাকী কন্যা ৩ মাহমান পূৰ্বে আইনগতভাৱে বিবাহপাশত আৱদ্ধ হয় । পিছত এই বিষয়ে জনাজাত হোৱাত গাঁওখনৰ ব্ৰাক্ষ্মীণ পৰিয়াল সমূহ এক আলোচনাত মিলিত হয় । এই আলোচনাৰ ভিত্তিত আলোচনাত মিলিত সমাজখনে ব্ৰাক্ষ্মীণ পৰিয়ালৰ সদস্য হৈয়ো কলিতা সম্প্ৰদায়ৰ যুৱতীৰে বিবাহপাশত আৱদ্ধ হোৱা কাৰ্যটোক অপৰাধ বুলি গণ্য কৰি তপন শৰ্মাৰ পৰিয়ালটোক তেওঁলোকৰ ব্ৰাক্ষ্মীণ সমাজৰ পৰা এলাগী কৰে । আনহাতে এলাগী কৰা পৰিয়ালটোৰ সদস্যৰ পৰা জানিৱ পৰামতে, এক নিৰ্দিষ্ট পৰিমানৰ অৰ্থদণ্ডৰ বিনিময়ত তেওঁলোকৰ পৰিয়ালটোক পুণৰ ব্ৰাক্ষ্মীণ সমাজৰ সৈতে চামিল কৰা হব । তদুপৰি পৰিয়ালটোৱে বিধি-বিধানৰ নামতো ধন ভৰিব লাগিব । কিন্তু এলাগী কৰা পৰিয়ালটো ব্ৰাক্ষ্মীণ সমাজখনৰ এই সিদ্ধান্তত বাৰুকৈয়ে দুখ-কষ্ট পোৱাৰ লগতে এই পৰিমানৰ ধন ব্যয় কৰাৰ বাবে সক্ষম নোহোৱাৰ লগতে সিদ্ধান্তটোকো মানি লব পৰা নাই । যাৰফলত পৰিয়ালটো এতিয়া চৰম হতাশাগ্ৰস্ত হৈ পৰিছে । সকলোৱে এতিয়া এই স্পৰ্শকাতৰ বিষয়টোক ‘মানৱতা’ৰ দৃষ্টিভংগীৰে গ্ৰহন কৰাটোকে কামনা কৰিছে । আনহাতে,এই ঘটনাৰ প্ৰসংগক্ৰমে পোৱা আন এক খৱৰ অনুসৰি,ইয়াৰ প্ৰায় ১১ বছৰ আৰু ২ বছৰ পূৰ্বৰে পৰা ইয়াৰ আন ২ টা পৰিয়ালকো(ব্ৰাক্ষ্মীণ আৰু গণক) অনুৰূপ কাৰণত অনুৰূপ ধৰনে এঘৰীয়া কৰি ৰখা হৈছে ।