কলাক্ষেত্ৰত নৃগােষ্ঠীয় সাংস্কৃতিক সমন্বয়- বিনিময় অভিযানৰ কর্মশালা আৰম্ভ

কলাক্ষেত্ৰত নৃগােষ্ঠীয় সাংস্কৃতিক সমন্বয়- বিনিময় অভিযানৰ কর্মশালা আৰম্ভ

ৰঙিলী বাৰ্ত্তসেৱা- নৃগােষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযানৰ প্রথম পর্যায়ৰ তৃতীয় কর্মশালাখনি ১৩ মে’ৰ পৰা আৰম্ভ হ’ব। ১১ মে’ত অসমৰ বিভিন্ন প্রান্তৰ পৰা অহা প্ৰশিক্ষার্থীসকল আহি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত উপস্থিত হয়। তৃতীয় কর্মশালাত ভাগ ল’বৰ বাবে ডিমাচা, কোঁচৰাজবংশী, কাৰ্বি আৰু সােণােৱাল কছাৰীৰ প্ৰশিক্ষার্থীসকলক নির্বাচন কৰি অনা হৈছে। অসমৰ বিভিন্ন জনগােষ্ঠীৰ মাজত সমন্বয়ৰ সাঁকো নির্মাণ কৰি বৰ অসম গঢ়াৰ মানসেৰে আৰম্ভ হােৱা এই কর্মশালাত প্রতিটো জনগােষ্ঠীয়েই অলেখ আশা আৰু উৎকণ্ঠাৰে সহযােগ কৰে। অসমৰ বিভিন্ন প্রান্তৰ পৰা অহা সমূহ প্রশিক্ষার্থীক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজে স্বাগতম জনােৱাৰ উদ্দেশ্যে এখনি সভা কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্রেক্ষাগৃহত ১১ মে’ত অনুষ্ঠিত কৰা হয়। উক্ত সভাত অসমৰ নৃগােষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযানৰ প্রজেক্ট মেনেজাৰ জয়ন্তী চক্ৰৱৰ্তীয়ে প্ৰতিটো জনগােষ্ঠীৰ অংশগ্রহণকাৰী সকলৰ মাজত চিনাকি কৰাই দিয়াৰ লগতে উপস্থিত থকা সমূহ প্রশিক্ষার্থীকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আৰু কৰ্মশালাৰ দিনকেইটিত প্রতিটো জনগােষ্ঠীয়ে উভয়ৰে ভাষা-সংস্কৃতিৰ বিষয়ে সুক্ষ্মভাৱে অধ্যয়ন কৰি ল’বলৈ কয়। সভাত প্রণিত নাইদিং (ডিমাচা), পতিৰাম ৰয় (কোঁচৰাজবংশী), নিৰু সােণােৱাল৷