কলাক্ষেত্ৰত ‘অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয়- বিনিময় অভিযান’ কৰ্মশালাৰ সামৰণি

কলাক্ষেত্ৰত ‘অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয়- বিনিময় অভিযান’ কৰ্মশালাৰ সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ প্ৰাংগণত অনুষ্ঠিত হোৱা ‘অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয়- বিনিময় অভিযান’ত প্রথম পৰ্যায়ৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান  শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত বড়ো, তিৱা, তাই-আহোম আৰু মটকৰ প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলে  শিক্ষা গ্ৰহণ কৰা গীত নৃত্য আদিৰ সফল উপস্থাপন কৰে। উক্ত অনুষ্ঠানত  অতিথীৰূপে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ শৰ্মা, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, অসম ৰাজ্যিক গৃহনিৰ্মাণ পৰিষদৰ অধ্যক্ষ পুলক গোহাঁই, ৰাজ্যিক  ক্ৰীড়া আৰু যুৱ কল্যাণ পৰিষদৰ সদস্য সচিব পবিত্ৰ মাৰ্ঘেৰিটা,বড়ো স্বায়ত্ব শাসিত এলেকাৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ভবেন্দ্ৰ নাথ ডেকা, প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ সভাপতি জিতুল সোণোৱাল, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ, বিশিষ্ট নাট্যকাৰ অবিনাশ শৰ্মা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সাধাৰণ পৰিষদৰ সদস্য শিল্পী চাজন নায়ক, শিল্পী বীৰেন সিংহ আৰু শিল্পী মুকুল ৰাভা, যোগ গুৰুকুল অসমৰ যুটীয়া সম্পাদক ডা° হিমাংশু বুজৰবৰুৱা, বিশিষ্ট অভিনেতা মন্মথ বৰুৱা, শিল্পী দীপজ্যোতি হাজৰিকা, বড়ো শিল্পী বাৰলাংফা প্ৰমুখ্যে বহুতো বিশিষ্ট ব্যক্তিয়ে। উক্ত অনুষ্ঠানত সকলোকে আদৰণি ভাষণত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে কয় যে বৰ অসম গঢ়িবলৈ আমি নৱ প্ৰজন্মক আগুৱাই আনিবই লাগিব। প্ৰতিটো জনগোষ্ঠীৰ মাজত সাংস্কৃতিক সমন্বয়ৰ মাজেৰে বৰ অসমৰ সপোন সাৰ্থক কৰিবলৈহে এই অভিযান।আনহাতে বড়ো স্বায়ত্ব শাসিত এলেকাৰ মুখ্য কাৰ্য্যবাহী প্ৰমোদ বড়োয়ে তেওঁৰ ভাষণত কয় যে আমি যি সপোন দেখিছিলো তাৰ বাস্তৱ ৰূপ আজি দেখিবলৈ পাই সঁচাই অভিভূত হৈছোঁ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এই প্ৰচেষ্টা প্ৰশংসাযোগ্য৷এই প্ৰথম পৰ্যায়ৰ কৰ্মশালাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বড়ো, তিৱা, মটক আৰু টাই-আহোম জনগোষ্ঠীৰ প্ৰশিক্ষাৰ্থী সকলৰ মাজত ভাতৃত্ববোধ, সাংস্কৃতিক সমন্বয়, জনগোষ্ঠীয় একাত্মতা আৰু অখণ্ডতা বজাই ৰাখি গুৰুজনাৰ বৰ অসমৰ সপোন সাৰ্থক কৰাৰ দিশত কলাক্ষেত্ৰ প্ৰতিশ্ৰুতিবদ্ধ৷ অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলে  লাইলুং খাম নৃত্য , গছ তলৰ বিহু, ভোৰতাল নৃত্য, বাগৰুম্বা নৃত্য, বৰত নৃত্য, লোকবাদ্যৰ লগতে যোগাসন উপস্থাপন কৰে।