কলম – কল্পনা হাতীবৰুৱা

কলম
                        কল্পনা হাতীবৰুৱা 
                       গোলাঘাট 
জ্ঞানময়  জীৱনৰ জ্যোতি
কলম তোমাৰ  চিয়াহীৰ অমৰ সৃষ্টি
পাখীৰ কলমে সাঁচি পাতৰ পুথিত চিয়াহীৰ বোল সাঁনি
 কলম তুলিয়ে জন্ম দিছিলা প্ৰাচীন
সাহিত্য লিপি
উজ্জ্বলাই তোলি কৌতি কলীয়া সাহিত্যৰ  ভূমি
নিঃসংগতা লেখকৰ সংগী তুমি
সমাজ সচেতনতা জাগ্ৰত প্ৰহৰী
তোমাৰ শক্তি তৰোৱালতকৈও তীক্ষ্ণ
তোমাৰ ভয়তে থমকি ৰয় বহু ৰথী-মহাৰথী
তোমাৰ সৃষ্টিৰতে কোনোবা জিলিকি ৰয়
বিশ্বদৰবাৰত জ্যোতিষ্মান নক্ষত্ৰ হৈ
কোনোবা  থাকে গৈ কাৰাগাৰত  বন্দী কয়েদী হৈ
সমালোচনাকৰ হাতত তুমি হোৱা অস্ত্ৰ
কবিয়ে হাতত ল’লে তুমি হোৱা কবিতা
সাহিত্যিকৰ   সাহিত্য চৰ্চাত দিয়া তুমি  জ্ঞান
গীতিকাৰে হাতত  লৈ লিখিলে ৰূপ লোৱা গীত
প্ৰেমিকে  মনৰ গোপন বাতৰি  লিখিলে হোৱা প্ৰেমপত্ৰ
গুৰুজনাই  কলম  লৈ লিখি দি গ’ল শাস্ত্ৰ
বিলাই গ’ল ঈশ্বৰৰ প্ৰতি  ভক্তি আৰু জ্ঞানৰ তত্ত্ব।