কলমৰ ছাঁত বনফুলৰ সুবাস – ৰুমী কলিতা দত্ত

PC - Unsplash
কলমৰ ছাঁত বনফুলৰ সুবাস
ৰুমী কলিতা দত্ত, ডিব্ৰুগড়
তুমি এপাহ নীৰৱে ফুলা
নিষ্পাপ শেৱালি
ওৰে ৰাতি মোৰ চাৰিওফালে সুগন্ধি বিয়পাই
আকুল কৰি তোলা হৃদয়ৰ হাঁহি ।
পুৱাৰ কোমল ৰ’দালিয়ে মোৰ যন্ত্ৰণাবোৰকে খেপিয়াই চাই
মইতো নাজানো
মোৰ হৃদয়ত কুৰুকি কুৰুকি
কিয় সোমাব খোজে এই হেঙুলীয়া বেলি ?
হেঙুলীয়া বেলিৰো আছে এখন হৃদয়
দিনত নেদেখি
ৰাতিহে দেখি
যেতিয়া শেৱালি ফুলে পদূলিত
থাকে কোনোবা যদি ল’বলৈ আঁচল পাতি ।
চুই চাব পৰা হ’লে এই হেঙুলীয়া বেলি
মাগিলোঁ হেঁতেন বৰ
দুখবোৰ দিলোঁহেঁতেন হাতত তুলি
মই যে এতিয়া এপাহ সৰা শেৱালি।
সৰা শেৱালিক তুলি ল’বলৈ
আছা দুবৰিৰ দলিচা হৈ
আৰু আছা হাতৰ আঙুলি চুই চাবলৈ ।
তুমি সেই কিতাপ
পঢ়ি পঢ়ি জীৱনটো পাৰ কৰিব পৰাকৈ
তুমি ৰ’দৰ কিতাপ বৰষুণৰ কিতাপ…
গ্ৰীষ্ম, বৰ্ষা আৰু শীতৰ কিতাপ ।
কিতাপৰ পৃষ্ঠাবোৰ ধূসৰিত হ’ল
যৌৱনো ভটিয়াই গ’ল
নিজম-নিটাল ৰাতি
থাকে কোনে কবিতা লিখি
দিহিংপাৰৰ সূৰ্য ডুবাৰ ছবি আঁকি আঁকি ।
ধুসৰিত হলেও পঢ়িব পৰাকৈ
দুচকুত আছে শকতি
মাথোঁ তুমি লোৱা গম
নিজৰে দুচকু এবাৰ বন্ধ কৰি ।
সূৰ্য হেনো ডুব যায় সন্ধিয়া হ’লে
গুছি যাই অন্য দেশলৈ
আন্ধাৰবোৰে ৰৈ থাকে চাই বাটলৈ
কেতিয়া আহিব জোন পোহৰ দিবলৈ  ?
সূৰ্য ডুব নাযায়
বুৰহে মাৰে দিহিঙ-সিপাৰৰ.
কোনোবা  বনফুলৰ বুকুত।
মই কৰিছোঁ হৃদয়ংগম
জোনৰ কাষত যদিহে তৰাবোৰ নৰয়
নীলিম আকাশ হয় সাক্ষী,
জোনাকীৰ জিলমিলনি
তৰা খিলখিলনিত উচুপি উঠিব হৃদয় ।
এনেকৈ নাচাবা না…
বুকুখন জ্বলে ৰু-ৰুৱায়
হিয়াই মোৰ বৰণ সলায় ।
উঠিলেও উঠক উচুপি হিয়া এক আনন্দত
পালেগৈও পামগৈ কোনোবা লক্ষ্যত …
চোৱা নাই কোনোদিন হৃদয়ৰ কোণক
জোখা নাই কোনোদিন জোনবাইৰ প্ৰেমক ।
লক্ষ্য ভেদ কৰিব কাঁড়ে কোনোবা ক্ষণত
গেলি পচি পৰি ৰ’ম আইৰ কোলাত
সমাধিত কোনে ৰুব প্ৰেমৰ গোলাপ
তাজমহল সাজিব কোনে আহিবনে ব’হাগ ?
প্ৰেমৰ কোনো জোখ নাই
 নাথাকে হৃদয়ৰ কোনো কোণ
কেৱল এক অনুভৱ  আপোন আপোন!