কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰি চতুৰ্থবাৰলৈ চেম্পিয়ন চেন্নাই চুপাৰ কিংছ

pc The New Indian Express

কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰি চতুৰ্থবাৰলৈ চেম্পিয়ন চেন্নাই চুপাৰ কিংছ

ৰঙিলী বাৰ্ত্তাসেৱা-  চেন্নাই চুপাৰ কিংছে (চিএছকে) ডুবাইত অনুষ্ঠিত আই পি এল ২০২১ ৰ ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে আই পি এল খিতাপ জয় কৰে। ইয়ন মৰ্গান নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্ছক ২৭ ৰাণত পৰাস্ত কৰে চেন্নাই চুপাৰ কিংছে। চি এছ কেয়ে  তেওঁলোকৰ নৱম ফাইনেল খেলি আছিল, আনহাতে কে কে আৰ য়ে তেওঁলোকৰ তৃতীয় খনত অংশগ্ৰহণ কৰিছিল। ফাইনেল মেচখনত চি এছ কে প্ৰথম বেটিং কৰি কে কে আৰক ১৯৩ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। ৰুতুৰাজ গায়কৱাডে ‘অৰেঞ্জ কেপ’ দৌৰত পঞ্জাৱ কিংছৰ অধিনায়ক কে এল ৰাহুলক অতিক্ৰম কৰিছিল আৰু সহযোগী অপেনাৰ ফাফ ডু প্লেচিছৰ সৈতে চিএছকেক শক্তিশালী আৰম্ভণি প্ৰদান কৰিছিল। চি এছ কেৰ হৈ ফাফ ডু প্লেচিছে সৰ্বাধিক ৮৬(৫৯) ৰাণ সংগ্ৰহ কৰে। চি এছ কে নিৰ্ধাৰণ কৰি দিয়া ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি শুভমন গিলৰ ৫১ আৰু ভেংকটেশ আয়াৰৰ ৫০ ৰানৰ সহায়ত কলকাতাই নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৬৫ ৰান সংগ্ৰহ কৰে।