কমনৱেলথ গেমছঃ তৃতীয়টো স্বৰ্ণ জয় ভাৰতৰ

Pc- Indian Express bangla

কমনৱেলথ গেমছঃ তৃতীয়টো স্বৰ্ণ জয় ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতে পৰ্যন্ত লাভ কৰা আটাইকেইটা পদক ভাৰোত্তোলনৰ জৰিয়তে আহিছে । ইয়াৰে তিনিটা স্বৰ্ণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জ । মুঠ ৩১৩ কেজি উত্তোলন কৰি ভাৰোত্তোলনৰ ৭৩ কেজি বিভাগত অচিন্ত্যই অনায়াসে অভিলেখ গঢ়ে । প্ৰথম প্ৰচেষ্ঠাত তেওঁ ১৩৭ কেজি, দ্বিতীয়বাৰ ১৪০ কেজি, আৰু শেষৰ বাৰ ১৪৩ কেজি উত্তোলন কৰে । অন্য খৈলুৱৈসকলৰ ভিতৰত মালয়েছিয়াৰ মহম্মদ এৰিয়ে উত্তোলন কৰে ১৩৮ কেজি । আনহাতে, ক্লীন এণ্ড জাৰ্ক বিভাগত প্ৰথম প্ৰচেষ্টাত অচিন্ত্যই উত্তোলন কৰে ১৬৬ কেজি, পিছৰবাৰ ১৭০ কেজি উত্তোলন কৰিবলৈ গৈ ব্যৰ্থ হ’লেও তৃতীয় প্ৰচেষ্টাত সেই ওজন দাঙি মুঠ ৩১৩ কেজিৰে কমনৱেলথ গেমছৰ অভিলেখ সৃষ্টি কৰে ।