ক’ভিড-১৯ত আক্ৰান্ত হৈ দেহাৱসান প্ৰথমগৰাকী কৃষ্ণাংগ আমেৰিকান বিদেশ সচিব ক’লিন পাৱেলৰ

pc WHYY

ক’ভিড-১৯ত আক্ৰান্ত হৈ দেহাৱসান প্ৰথমগৰাকী কৃষ্ণাংগ আমেৰিকান বিদেশ সচিব ক’লিন পাৱেলৰ

ক’ভিড-১৯ত আক্ৰান্ত হৈ দেহাৱসান প্ৰথমগৰাকী কৃষ্ণাংগ আমেৰিকান বিদেশ সচিব ক’লিন পাৱেলৰ। পাৱেলৰ পৰিয়ালৰ তৰফৰ পৰা এক বিবৃতিত সদৰী কৰা হৈছে তেওঁৰ মৃত্যুৰ খবৰ। উল্লেখনীয় যে কেইবাখনো যুদ্ধৰ সুদক্ষ যোদ্ধা তথা আমেৰিকাৰ প্ৰথমগৰাকী কৃষ্ণাংগ বিদেশ সচিব ক’লিন পাৱেলে ২০০৩ চনত ইৰাকৰ বিৰুদ্ধে আমেৰিকাৰ আগ্রাসী যুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল। মার্কিন সেনাত কেইবাটাও গুৰুত্বপূর্ণ পদবীত সেৱা আগবঢ়োৱা ক’লিন পাৱেলক ১৯৯১ চনৰ উপসাগৰীয় যুদ্ধৰ পিছত দেশজুৰি সন্মান জনোৱা হৈছিল। আনকি দেশৰ ভৱিষ্যৎ ৰাষ্ট্রপতি বুলি ক’লিনৰ নাম সেই সময়ত আমেৰিকাৰ সংবাদ মাধ্যমত চৰ্চালৈ আহিছিল।