ক’ভিড পৰিস্থিতিৰ মাজতেই এইবাৰ অনুষ্ঠিত হ’ব ৰাস

ক’ভিড পৰিস্থিতিৰ মাজতেই এইবাৰ অনুষ্ঠিত হ’ব ৰাস

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাস উদ্‌যাপনৰ সময়ত ক’ভিড বিধি আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব।ক’ভিডৰ লক্ষণ থকা কোনো লোকে ৰাসত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।সকলোৰে থাৰ্মেল পৰীক্ষা কৰোৱা হ’ব।সকলোৱে মাস্ক পৰিধান কৰিব লাগিব। আয়োজক সমিতিৰ কৰ্মকৰ্তা আৰু স্বেচ্ছাসেৱকসকলে কমেও এটা ক’ভিডৰ ভেকচিন লোৱা হ’ব লাগিব।ৰাস মহোৎসৱ উদযাপন কৰিবলৈ উদযাপন সমিতিয়ে জিলা প্ৰশাসনৰ আগতীয়া অনুমতি ল’ব লাগিব।জিলা প্ৰশাসনে সকলো ৰাস উদযাপন সমিতি সমূহৰ সৈতে বৈঠকত মিলিত হৈ ক’ভিড প্ৰট’কল সঠিক ভাবে মানি চলাৰ বিষয়ত আলোচনা কৰিব।১০ বছৰৰ তলৰ শিশু আৰু ৬৫ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকে ৰাসৰ ভাওঁনা আদিত অভিনয় কৰিব নোৱাৰিব।ৰাসৰ অনুষ্ঠানত ভাগ লোৱাৰ পূৰ্বে অভিনেতা-অভিনেত্ৰী, স্বেচ্ছাসেৱক,আয়োজক সকলোৱে ক’ভিড পৰীক্ষা কৰোৱাব লাগিব।ৰাসস্থলীৰ প্ৰৱেশ আৰু প্ৰস্থান পথ বেলেগ বেলেগ হ’ব লাগিব। ৰাসৰ সময়ত কোনো ধৰণৰ মেলা, দোকান-পোহাৰ, খাদ্যৰ বিপনী আদি দিব পৰা নাযাব।