ক’ভিডৰ টিকাকৰণ নিশ্চিত কৰিবলৈ কঠোৰ ব্যৱস্থা গ্রহণ বিহাৰৰ জিলা প্ৰশাসনৰ

Pc- The Indian Express

ক’ভিডৰ টিকাকৰণ নিশ্চিত কৰিবলৈ কঠোৰ ব্যৱস্থা গ্রহণ বিহাৰৰ জিলা প্ৰশাসনৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বিহাৰৰ জিলা প্ৰশাসনে ক’ভিডৰ টিকাকৰণ নিশ্চিত কৰিবলৈ কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে।জিলা দণ্ডাধীশ অভিষেক সিঙে সকলো চক্র বিষয়া, খণ্ড উন্নয়ন বিষয়া, চি ডি পি অ’ তথা অন্যান্য বিষয়ববীয়াসকলক নির্দেশ দিছে যে যিসকল লোকে ডেকচিন নলয় তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যবস্থা গ্রহণ কৰিব লাগে। অকল সেয়াই নহয়, সুলভ মূল্যৰ দোকানত ৰাজ সাহায্যযুক্ত খাদ্যসামগ্রী ভেকচিন নোলোৱা লোকসকলক নিদিবলৈও নির্দেশ দিছে জিলা দণ্ডাধীশগৰাকীয়ে। যিসকল লোকে ভেকচিন লোৱা নাই। সেই লোকসকলক বিচাৰি উলিওৱাৰ যাবে নির্দেশ দিয়াৰ পিছতে বিষয়টোক লৈ বিশেষ চর্চা লাভ কৰিছে গয়াত।