কবিতাৰ ছন্দ তুমি – আয়শা ছিদ্দিকা

কবিতাৰ ছন্দ তুমি

আয়শা ছিদ্দিকা(আছৰি),বাংলিপাৰা, বৰপেটা

তুমিয়েই মোৰ কবিতাৰ ছন্দ
যাৰ প্ৰতিটো শিৰাই শিৰাই
গুঞ্জি উঠে স্বতফূৰ্ত সুবাসে
নৃত্য কৰে সুৰৰ তালে তালে।।
তুমিয়েই মোৰ উপন্যাসৰ মূল
যাৰ আকৰ্ষণীয় চাৰিত্ৰিক গুণে
মধুময় ক্ষণ উপহাৰ দিয়ে
বিষাদ ভৰা প্ৰতিটো পুৱাই।।
জীৱন জীয়াৰ প্ৰেৰণা তুমি
ৰঙীন সপোন বোৱাৰ মন্ত্ৰ
সংজ্ঞাহীন জীৱনৰ বাখ্যা হৈ
আলফুলে মেৰিয়াই ৰাখিছা।।