কন্যাশিশু, মহিলা অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এখন কঠোৰ আইনৰ প্ৰয়োজন ৰাজ্যত – মানসী মিশ্ৰ
এইয়া একবিংশ শতিকাৰ যুগ। বিজ্ঞান আৰু প্ৰযুক্তিৰ চমকপ্ৰদক তাৰে মানুহ বহুদূৰ আগবাঢ়ি গৈছে এইখন পৃথিৱীত। সমগ্ৰ পৃথিৱীখনক এখন ঘৰলৈ ৰূপান্তৰিত কৰিছে। সকলো মানুহে নিজৰ বুদ্ধি কৌশলেৰে বহুদূৰ বাট আগবাঢ়িছে। সমাজখনে দাবী কৰিব বিচাৰে একবিংশ শতিকাত পুৰুষ মহিলা সমানে আগবাঢ়ি গৈছে কিয়নো মহিলা মহাকাশলৈ গৈছে, মহিলা দেশৰ ৰাষ্ট্ৰপতি হৈছে, খ্যাতনাম বোলছবিৰ পৰিচালক হৈছে, মহিলা নৌসেনা, বায়ুসেনা বাহিনীৰ বিষয়া হৈছে ইত্যাদি ইত্যাদি। আপাত দৃষ্টিত কথাবোৰ অশুদ্ধও নহয়। কিন্তু সেয়া ত্ৰিশ/বত্ৰিশ কোটি জনসাধাৰণৰ মাজত মাত্ৰ কেইটামান উদাহৰণহে অৰ্থাৎ এপাচি শাকত এটা জালুকৰ দৰে। বাস্তৱক্ষেত্ৰত আমাৰ চৌপাশে মহিলাযযুৱতী কন্যাশিশুসকলৰ স্থিতিৰ প্ৰতি লক্ষ্য কৰা হয়, তেতিয়া স্পষ্টবাৱে প্ৰতিফলিত হয় যে আমাৰ দেশত মহিলাসকলৰ স্থিতি এতিয়াও দুৰ্বল হৈয়ে আছে। প্ৰতিটো দিনত আমাৰ ৰাজ্যৰ ভিন্নপ্ৰান্তত ঘটি থকা ঘটনা প্ৰৱাহে ইয়াকেই প্ৰমাণ কৰে। অন্যান্য ৰাজ্যসমূহতো মহিলাৰ একেই অৱস্থা।
বছৰটোৰ ভিতৰতে হয়তো এটা দিনো বাদ পৰি নাযায় যিটো দিনত মহিলা, যুৱতীৰ ওপৰত উৎপীড়ণৰ ঘটনা ঘটা নাই। কৰবাত কন্যা শিশুক মুখত সোপা দি দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰিছে। অতি দুখজনক কথা যে দুই তিনিবছৰীয়া নাবালিক কন্যাশিশুও বৰ্বৰ অত্যাচাৰৰ পৰা বাদ পৰি যোৱা নাই। কৰবাত আকৌ ৬০/৬৫ বছৰীয়া মহিলাক ধৰ্ষণ কৰিছে পুত্ৰৰ বয়সৰ লোকে, কৰবাত আকৌ প্ৰেমিক ৰূপী ভণ্ড ব্যক্তিয়ে প্ৰেমিকাক হত্যাকৰি পিছত জলাই দিছে। তাৰ পিছতে কেইটামান দিনলৈ মানুহৰ কিছু প্ৰতিবাদী কাৰ্য্যসূচী, কিছুজাগৰণ। তাৰ পিছত পুনৰ সকলো নিতাল মাৰে। এইদৰে গতানুগতিকভাৱে পাৰ হৈ গৈছে প্ৰতিটো দিন, প্ৰতিটো মাহ। এই ২০২১ বৰ্ষটোতে হোৱা নাৰীজনিত অপৰাধৰ কেইটামান ঘটনা যদি আমি ফঁহিয়াই চাওঁ, সকলো ৰাইজে নিশ্চয় একমত হব যে কি ভয়াবহ হাৰত আমাৰ ৰাজ্যখনত বৃদ্ধি পাইছে নাৰী নিৰ্যাটনৰ ঘটনা, ভোগালী বিহুৰ উৰুকাৰ দিনত সমগ্ৰ অসমীয়া ৰাইজে ভোগালী বিহুৰ উৰুকা উদযাপনত ব্যস্ত হৈ আছিল, একাণ পতীয়াকৈ লাগি আছিল, জীয়ৰী বোৱাৰী সকলে বিহুৰ পিঠাপনা বনোৱাত ব্যস্ত হৈ আছিল, সেই সময়তে উজনি অসমৰ এখন জিলাত মাক জীয়েকক কোনোবা ঘাটকে প্ৰথমে বলাৎকৰ কৰি উঠি হত্যা কৰি থৈ আহিছিল। নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল ধাননি পথাৰৰ মাজত আৰু মাকৰ মৃতদেহ উদ্ধাৰ হৈছিল নিজৰ ঘৰৰ চৌহদতে। আকস্মিকভাৱে ঘটি যোৱা এই ঘটনাটোৱে তেওঁলোকৰ পৰিয়ালটোলৈ এক মূহুৰ্তৰ ভিতৰতে এক দুখৰ ধুমুহা লৈ আনিছিল। এনেকুৱা এটা জঘন্যকাণ্ড একেখন ঘৰতে সংঘটিত কৰি থৈ যোৱাৰ পিছত সমগ্ৰ গাওঁবাসীৰ মনত কেনেকুৱা মানসিক চাপ পৰিব পাৰে সেই কথা সহজে অনুমেয়। এই ঘটনাৰ এমাহৰ পিছতে শোণিতপুৰ জিলাৰ বালিগাৱঁত মাতৃ আৰু কন্যাক বলাৎকাৰ কৰি উঠি নৃশংসভাৱে হত্যা কৰি যোৱা অনুৰূপ ঘটনা সংঘটিত হ’ল। একেদৰে ১৪ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে’ ১ দিনাখন ডিব্ৰুগড় চহৰৰ মাদ মজিয়াতে এজন বিবাহিত পুৰুষে এগৰাকী মহিলাক প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই শৰীৰৰ অন্য অংশৰ লগতে মুখমণ্ডত এছিড ছটিয়াই গুৰুতৰভাৱে আহত কৰি থৈ গ’ল। সৌ সিদিনা হোজাইৰ এখন বিয়াঘৰৰ পৰা এগৰাকী সাতবছৰীয়া কন্যা শিশুক অপহৰণ কৰি নি কোনোবা ঘাটকে কিছু আঁতৰত সেই নাবালিক কন্যা সন্তান গৰাকীক বলাৎকাৰ কৰি উঠি হত্যা কৰিছিল আৰু পিছদিনা ধাননি পথাৰৰ মাজত সেই কণমানি শিশুটিৰ মৃতদেহ উদ্ধাৰ হৈছিল। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এখন সম্ভান্ত মহাবিদ্যালয়ত ছাত্ৰীক দুজনকৈ শিক্ষকে যৌন নিৰ্যাতন চলোৱাৰ কথা তথ্য প্ৰমাণ সহকাৰে পোহৰলৈ আহিছে। একেসময়তে এখন বিশ্ববিদ্যালয়তো ৬০ বছৰীয়া শিক্ষকে ১৯ বছৰীয়া ছাত্ৰীক অশ্লীল প্ৰস্তাৱ দিয়াৰ কথা সবিস্তাৰে পোহৰলৈ আহিছে। এনে নিকৃষ্ট ঘটনাই আমাৰ শৈক্ষিক সমাজৰ গুৰু শিষ্যৰ সম্পৰ্কত কালিমা সানিছে। এইয়া মাত্ৰ কেইটা মান উদাহৰণহে। ৰাজ্যৰ মহিলা, যুৱতী আনকি কন্যাশিশু সকলো প্ৰায় প্ৰতিটো দিনতে যৌন উৎপীড়ণৰ মুখামুখি হৈ আছে। এই জঘন্য ঘটনা সমূহ সংঘটিত কৰা মানৱৰূপী দানৱসকলো একেখন সমাজতে বাস কৰি আছে সভ্যমানুহৰ মাজতে। একোগৰাকী ছযজ্জ বছৰীয়া ছোৱালীৰ ওপৰত হোৱা এই বৰ্বৰ ঘটনা সমূহ ঘটি যোৱাৰ পিছত সমগ্ৰৰাজ্য বাসী যিমান তীব্ৰ, সবল প্ৰতিবাদ হ’ব লাগিছিল সিমান হোৱা নাই। সেইবাবেই হয়তো প্ৰায় প্ৰতিটো দিনতে চাৰিযপাচঁটাকৈ সংঘটিত হৈছে এনেধৰণৰ ঘটনা আমাৰ ৰাজ্যখনৰ। বিশেষকৈ কন্যা শিশুৰ ওপৰত হোৱা যৌন উৎপীড়ণৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ লৈছে। পাৰ হৈ যোৱা দিনসমূহতো দেখি আহিছোঁ বিচাৰ প্ৰক্ৰিয়াৰ লেহেমীয়া গতিৰ বাবেই মূল অভিযুক্ত, দাগী অপৰাধী আইনৰ সুৰুঙাৰে সাৰি যাবলৈ সক্ষম হয়। কেনেবাকৈ যদি এই মৰাত্মক অপৰাধীসকল কোনো প্ৰভাৱশালী চক্ৰৰ সৈতে জড়িত হয়, তেন্তে তেওঁলোকৰ দপদপনি সমাজত আগতকৈও বেছি হোৱা দেখা যায়। আমাৰ সমাজৰ বাবে আটাইতকৈ ডাঙৰ চিন্তাটো হৈছে এইসকল মহিলা, কিশোৰী কন্যা শিশুসকলৰ জীৱনৰ অতি প্ৰয়োজনীয় সুৰক্ষাৰ অধিকাৰ কিদৰে নিশ্চিত কৰিব পৰা যায়, তেওঁলোকৰ প্ৰাপ্য মৰ্যদাখিনি কিদৰে প্ৰদান কৰিব পৰা যায়। কাগজেপত্ৰই, টিভিৰ বিভিন্ন চেনেলসমূহত প্ৰায়ে এইটো কথা চৰ্চিত হৈ থাকে যে মহিলা, যুৱতীসকলক সুৰক্ষা দিবলৈ প্ৰত্যেক ব্যক্তিয়ে নিজৰ মানসিকতাৰ পৰিবৰ্তন কৰিব অৰ্থাৎ “মাইণ্ডছেট” সলনি কৰিব লাগিব। কথাটো নোহোৱা নহয়। কিন্তু কথাটো কৈ দিবলৈ যিমান সহজ ব্যৱহাৰিক দিশত প্ৰয়োগ কৰিবলৈ যাওঁতে কিমান দূৰ সফল হৈছে সেইটোহে মন কৰিবলগীয়া কথা। মহিলাসকলৰ প্ৰতি শ্ৰদ্ধা আৰু আন্তৰিকতা প্ৰতিজন ব্যক্তিৰ অন্তৰত থাকিব লাগিব। সেয়া জোৰ কৰি সুমুৱাই দিয়া বস্তু নহয়। কোটি কোটি মানুহৰ মানসিকতাৰ পৰিবৰ্তন কৰি নাৰী নিৰ্যাতন ৰোধ কৰাটো প্ৰকৃততে কিমান সম্ভৱ সেয়া চিন্তা কৰিবলগীয়া কথা। আমাৰ সমাজত মহিলা, যুৱতীৰ ওপৰত হোৱা অত্যাচাৰ ইমান বৃদ্ধি পাইছে যে ইয়াত চৰকাৰৰ শক্তিশালী আৰু কঠোৰ পদক্ষেপ নিত্যান্তই প্ৰয়োজনায় হৈ পৰিছে। , ৰাজ্যখনৰ আইনী প্ৰক্ৰিয়াটো অধিক ক্ষীপ্ৰ আৰু গতিশীল কৰি তোলাত চৰকাৰে যথোচিত পদক্ষেপ গ্ৰহণ কৰক। ধৰ্ষণ, যৌন উৎপীড়ণ, হত্যাকাণ্ডৰ বিচাৰসমূহ ফাষ্টট্ৰেক আদালতৰ যোগেদি সম্পন্ন হ’ব লাগে। এটাযদুটা দিনৰ ব্যৱধানতে একোখন জিলাত তিনিযচাৰিটাকৈ বলাৎকাৰ আৰু হত্যাৰ ঘটনা সংঘটিত হৈ আহিছে। আমাৰ ৰাজ্যত এনে জঘন্য অপৰাধ সমূহ নিয়ন্ত্ৰণৰ হকে যিটো প্ৰচলিত আইনী প্ৰক্ৰিয়া সেইটো ইমান যথোচিত নোহোৱা হেতুকে এনে ঘটনা সমূহ সমাজত বাঢ়ি হে গৈছে। এই ধৰ্ষণৰ লগতে যৌন উৎপীড়ণ সম্পৰ্কীয়অপৰাধ সমূহ নিয়ন্ত্ৰৰ হকে এখন কঠোৰ আৰু কটকটীয়া আইন আমাৰ ৰাজ্যত শীঘ্ৰে বলবৎ হোৱা উচিত। দৃষ্টান্ত মূলক শাস্তি অবিহনে আমাৰ সমাজৰ পৰা এই মাৰাত্মক অপৰাধ সমূহৰোধ কৰাটো কোনো কাৰণতে সম্ভৱপৰ নহয়। আমি সকলোৱে অনুৰোধ কৰিছো, চৰকাৰে যাতে শীঘ্ৰে এটা পদক্ষেপ গ্ৰহণ কৰে এই অপৰাধসমূহ নিয়ন্ত্ৰণৰ হকে। মহিলা, যুৱতী, কন্যা শিশুৰ জীৱনৰ নিৰাপত্তা অবিহনে আমাৰ ৰাজ্যত মহিলাৰ সমবিকাশ, সৱলীকৰণৰ দৰে কথাসমূহ সম্ভৱ হ’ব নোৱাৰে।
বিঃদ্ৰঃ লেখক, ৰাজ্যৰ শিক্ষাখণ্ডৰ এগৰাকী বিষয়া