কটহগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মেলেৰিয়া বিভাগৰ কৰ্মচাৰীৰ বিদায়ী সভা

কটহগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মেলেৰিয়া বিভাগৰ কৰ্মচাৰীৰ বিদায়ী সভা

আদিলুৰ ৰহমান ,টুকটুকী ,ৰঙিলী বাৰ্ত্তাসেৱা-  ধিং থানাৰ অন্তৰ্গত কটহগুৰি নিউ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ মেলেৰিয়া বিভাগৰ কৰ্মচাৰী দেৱেশ্বৰ নাথক অশ্ৰু নয়নে বিদায়ী দিয়া হয়। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সভাপতিত্ব কৰে স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডঃ মতিবুৰ ৰহমানে ।সভাৰ উদ্দেশ্য বাখ্যা কৰে ডঃ আজিজুৰ ৰহমানে, বিদায়ী প্ৰাৰ্থী দেৱেশ্বৰ নাথক গামোচা,শৰাই ,চেলেং চাদৰ, ভাগৱত গীতা, ছাতি, লাখুটি আদিৰে সম্বৰ্ধনা জনোৱা হয়। সভাত উপস্থিত থাকি ডঃ গাৰ্গি কাইশ্বৱে কয় যে – দেৱেশ্বৰ নাথ এজন কৰ্ম দক্ষ ব্যক্তি আছিল অমায়িক সহজ সৰল মনৰ ব্যক্তি আছিল ,নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিছিল। সকলোৱে তেওঁৰ পদ অনুসৰণ কৰিব লাগে। সভাত উপস্থিত থাকে সাংবাদিক আবুল হুছেইন আদিলুৰ ৰহমান ৰ লগতে স্বাস্থ্য কেন্দ্ৰৰ ফাৰ্মাইছিট, লেব টেক, এ এন এম, জি এন এম,আশা কৰ্মী, প্ৰাক্তন কৰ্মচাৰীৰ লগতে বহুতো গন্য মান্য ব্যক্তি উপস্থিত আছিল।