কটন বিশ্ববিদ্যালয় চৌহদত বিশ্ববিদ্যালয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

pc Times of India

কটন বিশ্ববিদ্যালয় চৌহদত বিশ্ববিদ্যালয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-   ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয় চৌহদত কটন বিশ্ববিদ্যালয় কৰ্মচাৰী সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা একাংশ কৰ্মচাৰীয়ে ক্ষোভ প্রকাশ কৰি কয় যে কৰ্মচাৰী সন্থাৰ আৱাস নিৰ্মাণৰ বাবে ৰূপনগৰত দুমহলীয়া অট্টালিকা নিৰ্মাণৰ আশ্বাস দিছিল যদিও আজিলৈকে সেয়া কাৰ্যকৰী হৈ উঠা নাই। ইপিনে, কৰ্মচাৰীসকলৰ নিযুক্তিৰ প্ৰায় সাত বছৰৰ পিছতো পদোন্নতি তথা অন্যান্য সা-সুবিধাৰ পৰা বঞ্চিত হৈছে। কৰ্মচাৰীসকলক স্বাস্থ্য বীমাত অন্তৰ্ভুক্ত কৰাৰ কথা আছিল যদিও সেয়া বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে কৰ্মচাৰীসকল বঞ্চিত হৈ আহিছে। উল্লেখ্য যে ২০২০ চনত সেই সময়ৰ সাংসদ ভুবনেশ্বৰ কলিতাই কৰ্মচাৰী সংস্থাৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেয়া ফুটুকাৰ ফেন হৈছে। সেয়েহে কৰ্মচাৰীসকলে বিভিন্ন দাবীৰ সমৰ্থনত আজি এই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অৱশ্যে শীঘ্ৰেই কৰ্মচাৰীসকলৰ দাবী পূৰণ নকৰিলে পুনৰ কৰ্মচাৰী সন্থাই প্ৰতিবাদত নামিব বুলি হুংকাৰ প্ৰদান কৰে।