কটকটীয়া নিৰাপত্তাৰ মাজেৰে চতুৰ্থবৰ্গৰ লিখিত পৰীক্ষা অনুষ্ঠিত

Pc The Janambhumi

কটকটীয়া নিৰাপত্তাৰ মাজেৰে চতুৰ্থবৰ্গৰ লিখিত পৰীক্ষা অনুষ্ঠিত

ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে দিছপুৰ দখলৰ পাছতে ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। আনুষ্ঠানিকভাৱে আন এক বৃহৎ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল। ৰাজ্যত প্ৰায় ৩০ হাজাৰ পদৰ বাবে প্ৰকাশ কৰা বিজ্ঞাপনৰ প্ৰথমটো নিযুক্তি পৰীক্ষা অনুষ্ঠিত হয়। স্বচ্ছ আৰু নিকাভাৱে চতুৰ্থবৰ্গৰ লিখিত পৰীক্ষা ৰাজ্যৰ ১,০৩৬টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হয়।পুৱা ১০ বজাৰ পৰা বিয়লি ১২ বজালৈ আৰু বিয়লি ২ বজাৰ পৰা ৪ বজালৈ দুটা ভাগত এই পৰীক্ষাসমূহ অনুষ্ঠিত হয়। পৰীক্ষাত প্রশ্নকাকত ফাদিল হোৱাকে ধৰি যিকোনো ধৰণৰ খেলিমেলি প্ৰতিৰোধ কৰাৰ বাবে কটকটীয়া নিৰাপত্তাৰ মাজেৰে চতুৰ্থবৰ্গৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হয়। পুৱাৰে পৰা পৰীক্ষা কেন্দ্ৰসমূহত শাৰী পাতি প্ৰৱেশ কৰা পৰিলক্ষিত হয়। পৰীক্ষাৰ্থীসকলক। প্ৰতিটো কেন্দ্ৰত নিয়োজিত কৰা আৰক্ষী আৰু প্ৰশাসনৰ লোকে পৰীক্ষাৰ্থীসকলক তা তন্নকৈ পৰীক্ষা কৰি পৰীক্ষাগৃহত প্ৰৱেশৰ অনুমতি দিয়ে। চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি ইলেক্ট্রনিক সামগ্রী, ম’বাইল ফোন, স্মার্ট ঘড়ী, হেলথ বেওছ, ইলেক্ট্রনিক পেন, স্কেনাৰ, ব্লু টুথ ডিভাইচ, হেড ফোন, মাইক্রা ফোন, ষ্ট’ৰেছ মিডিয়া ডিভাইচ, উকা অথবা লিখিত কাগজ আদি যাতে পৰীক্ষাগৃহলৈ কোনো পরীক্ষার্থীয়ে লৈ যাব নোৱাৰে, তাৰ বাবে সুৰক্ষা কৰ্মীসকলে তন্ন তন্নকৈ পৰীক্ষা কৰে। এই পৰীক্ষাৰ পাছতহে পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ অনুমতি দিয়া হয়।বিভিন্ন সময়ত পৰীক্ষাৰ পূৰ্বে অথবা চলি থকাৰ সময়তে প্রশ্নকাকত হোৱাছট এপযোগে ফাদিল হোৱাৰ ঘটনা ৰোধ কৰাৰ বাবে পৰীক্ষা অনুষ্ঠিত হোৱা জিলাসমূহত ইন্টাৰনেট সেৱা কৰ্তন কৰা হয়। পুৱা আৰু বিয়লিৰ ভাগত অনুষ্ঠিত হোৱা পৰীক্ষাৰ সময়ত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হয়। মুঠ ৪ ঘণ্টাৰ বাবে ইণ্টাৰনেট সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। তদুপৰি খাম খেয়ালি ৰোধ কৰাৰ বাবে পৰীক্ষাৰ্থী, প্রতিলিপিকাৰ বা পৰীক্ষা সংক্রান্তীয় কাৰ্যত নিয়োজিত ব্যক্তিৰ বাহিৰে পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধত মানুহৰ সমাগম ৰোধত নিষেজ্ঞা আৰোপ কৰা হয়। ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰা জাৰি কৰি এই সমাগমত নিষেধাজ্ঞা আৰোপ কৰা হয়। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ৰাজনৈতিক (এ) বিভাগে দুদিন পূর্বে গুৱাহাটী আৰক্ষী আয়ুক্তৰ লগতে ২৫খন জিলাৰ উপায়ুক্তলৈ নিৰ্দেশনা জাৰি কৰিছিল।উল্লেখ্য যে প্রায় ৩০ হাজাৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদৰ বাবে ৰাজ্য চৰকাৰে বিজ্ঞাপন প্রকাশ কৰিছিল। ইয়াৰ ভিত্তিতে অনলাইনৰ জৰিয়তে আবেদন গ্ৰহণ কৰা হৈছিল। চতুৰ্থবৰ্গৰ পদসমূহৰ বাবে মুঠ ৫.০৮,৮০৩, তৃতীয়বৰ্গৰ পদসমূহৰ বাবে ৮,৫২,১৮১ জন আৰু ড্ৰাইভাৰ পদৰ বাবে ৬৯,৪৫৩জনে আবেদন দাখিল কৰিছিল। আজি চতুৰ্থবৰ্গৰ পদসমূহৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈ যায় যদিও তৃতীয়বৰ্গৰ বিভিন্ন পদৰ বাবে অহা ২৮ আগষ্টত লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। সেইদৰে গাড়ীচালকৰ পদসমূহৰ বাবে অহা ১১ ছেপ্টেম্বৰৰ পুৱা ১০ বজাৰ পৰা বিয়লি ১২ বজালৈ পৰীক্ষা অনুষ্ঠিত হ’ব। চতুৰ্থবৰ্গৰ পৰীক্ষাত প্ৰথম কাকতৰ বাবে মুঠ ৯০০টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হয়। ইয়াত আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যা হৈছে ৪,০২,০৫৬জন। আনহাতে দ্বিতীয় প্ৰশ্নকাকতৰ পৰীক্ষাসমূহ মুঠ ১৩৬টা কেন্দ্ৰত অনুষ্ঠিত হয়। ইয়াত আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যা হৈছে ১,০৬,৭৪৭জন। সামগ্রিকভাৱে তৃতীয়, চতুৰ্থ আৰু গাড়ীচালক পদসমূহৰ বাবে চাকৰি প্ৰত্যাশীৰ মুঠ সংখ্যা হৈছে ১৪,৩০,৪৩৭জন।