ককাদেউতাহঁতৰ বাৰীবোৰে নিৰোগী কৰি ৰাখিছিল মানুহবোৰ!
দিপ্তী মনি গোস্বামী, লখিমপুৰ
ব্ৰহ্মাৰ সৃষ্ট চাৰিমুঠি জীৱৰ ভ্ৰমন প্ৰকৃতিৰ সৃষ্টি আমি জীৱ শ্ৰেষ্ঠ মানৱ। আমাৰ অনুভৱ অনুভূতিৰে পুষ্ট ৰুচি-অভিৰুচিৰে সংবেদনশীল আমাৰ জীৱন।আমি জীয়াই থাকিবলৈ আমাৰ জীৱন ৰথ খন চলাবলৈ ইন্ধনৰ প্ৰয়োজন। ভেজাল পেট্ৰল ডিজেলে গাড়ীৰ ইঞ্জিন কেতিয়াবা বিকল কৰি পেলোৱাৰ দৰে আমাৰো ইঞ্জিনটো কেতিয়াবা বিকল হৈ পৰে আমাৰ ইন্ধনৰ কাৰণেই। জন্ম লৈছো যেতিয়া, জীয়াইও থাকিব লাগিব আমাৰ জন্ম সম্ফল কৰি কৰ্তব্য আৰু দায়িত্ববোৰ পালন কৰিবলৈ। জীয়াই থাকিবলৈ হ’লে আমি খাবও লাগিব। কিন্তু, আমি খাইছো কি? বৰবিহ! হয় আমি খাদ্য নামত বৰবিহয়েই খাই আছোঁ। অধিক উৎপাদনৰ কাৰণে আৰু পোক পৰুৱাই অনিষ্ট নকৰিবলৈ বুলি আজি কালি ব্যৱসায়িক ভিত্তিত খেতি কৰা কৃষক সকলে বজাৰত উপলব্ধ অনেক কীটনাশক ৰাসায়নিক ঔষধ প্ৰয়োগ কৰে। তেনে ৰাসায়নিক পদাৰ্থবোৰ আমাৰ স্বাস্থ্যৰ কাৰণে অতিকৈ ক্ষতিকাৰক।এই বিলাক শ্ল পইজন বুলি কলেও বঢ়াই কোৱা নহব!আমাৰ মাজত আজিকালি এক স্বভাৱ জাত প্ৰকৃতিয়ে গা কৰি উঠিছে , ঘৰত একো এটা শাক-পাচলিৰ খেতি নকৰি সন্ধ্যাৰ আগে আগে মোনখন লৈ ওচৰৰ দোকান বা বজাৰলৈ গৈ ৰাতি আৰু পিছদিনাৰ ৰাতিপুৱাৰ কাৰণে শাক-পাচলি কিনি অনা। সৰহকৈ আনিলে পাচলিবোৰ নষ্ট হৈ যায় ,গেলি যায় দুদিনতে সিয়েই প্ৰমাণ দিয়ে পাচলিৰ গুণাগুণৰ বিষয়ে। কাৰণ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ কৰা শাক-পাচলি বিলাক এসপ্তাহ পৰ্যন্ত ভাল হৈ থাকে। তেনেধৰণৰ শাক-পাচলি আমি নিয়মীয়াকৈ ভক্ষণ কৰাৰ কাৰণে আজি কালি সমাজত নিৰোগী মানুহ বিচাৰি পাবলৈয়ে নাইকিয়া হৈছে। প্ৰতিখন ঘৰতেই আজি কালি এজন হ’লেও ৰোগী থাকেই, ঘৰখনৰ সকলোৱে একেই বস্তু খালে ও যাৰ প্ৰতিৰোধ শক্তি কম তাৰ শৰীৰতে বেমাৰে খোপনি ল’বলৈ সুবিধা পায়। আজিকালি প্ৰায়ে মানুহ কম বয়সতে মৃত্যু মুখত পৰে লিভাৰ,কিডনী, হাৰ্ট ইত্যাদি বেমাৰত আক্ৰান্ত হৈ।সেই সমূহ এনে ধৰণৰ খাদ্য ভক্ষণৰে কুফল।ককা-আজুককাহঁতৰ দিৱসত মানুহ বিলাকৰ আয়ুসবোৰ বৰ দীঘল আছিল তাৰোপৰি একো বেমাৰ আজাৰো প্ৰায় নহৈছিলেই মাথোঁ মহামাৰীৰ বাদ দি। কাৰণ ককা আজুককাহঁতে সকলোবোৰ খাদ্য সামগ্ৰী ঘৰতেই প্ৰস্তুত কৰি লৈছিল। বজাৰৰ পৰা অনা বস্তুৰ তালিকাত মাত্ৰ কেৰাচিন তেল আৰু নিমখকণ হে আছিল। তেতিয়াৰ দিনত ককাঁহতে কি কৰা নাছিল? সৰিয়হ খেতি কৰি বছৰৰ কাৰণে তেলৰ যোগাৰ ঘৰতে কৰি লৈছিল। কুঁহিয়াৰৰ খেতি কৰি গুৰ ঘৰতে বনাইছিল। বাৰীৰ ঢাপত ওধৰ পৰা মুধলৈ ৰহমাহৰ গছ লগাই থৈছিল, শালি ধানৰ খেতিৰ লগতে মটৰ মাহ আৰু মাটিমাহৰ খেতি কৰি বছৰটোৰ কাৰণে দাইলৰ যোগাৰ কৰি ৰাখিছিল । বাৰীতে আলু খেতি কৰি বছৰলৈ সামৰি থৈছিল। ৰবি শস্য খাৰিফ শস্য বাৰমাহত তেৰটা খেতিয়ে সদায় বাৰী শুৱনি কৰি ৰাখিছিল।তেওঁ লোকে সদায় সতেজ শুদ্ধ নিৰোগী বস্তু খাইছিল আৰু পৰিশ্ৰমো যথেষ্ঠ কৰিছিল, সেয়ে শৰীৰত বেমাৰৰ সোমাবলৈ সন্ধি পোৱা নাছিল। নিয়মীয়া কৈ দা-কোৰ মাৰি থকাৰ বাবে তেওঁ লোকৰ শৰীৰবোৰ সুঠাম আৰু নিৰোগী হৈ আছিল সেয়ে তেওঁ লোকে আয়ুসো যথেষ্ঠ বেছি পাইছিল। তেতিয়াৰ দিনত এনে উদাহৰণো বহুত আছিল, যে বহুত সংখ্যক লোকে জীৱনত এদিনো এবাৰো ডাক্তৰৰ ঘৰৰ পিল, ঔষধ, বেজি ইত্যাদি ব্যৱহাৰ নকৰাকৈয়ে পৰমায়ু লাভ কৰি জীৱন নাট সামৰিছিল।