ককাইটি…- নন্দেশ্বৰ মিলি

Pc lifestyle fun

ককাইটি…

উদং গাৰে তোমাৰ পেশীবহুল বাহু
অ’ ককাইটি গীতৰ কলি গুনগুনাই
ক’লৈ যোৱানো বাৰু?
অ’ ভনীটি ককা-আজোককাৰ দিনৰেপৰা
নদীৰ পাৰত আছে দুবিঘামান মাটি
তাতে ভাবিছোঁ কৰিম খেতি
তাৰ বাবে আহিলো ওলাই
কান্ধত নাঙলটি লৈ।
অ’ ককাইটি তুমি বজালে ঢোলটি
মই যে ৰ’বকে নোৱাৰোঁ
নাচোঁ নাচোঁ লাগে
ককাল ঘূৰি ঘূৰি।
অ’ ভনীটি হয় নেকি কথাটি
মই যে গ’মকে পোৱা নাছিলোঁ
মই যে ঢোল বজালে
তোৰ যে আনন্দত
নধৰে হিয়া।
অ ককাইটি ভাল লাগে তোমাৰ হাঁহিটি
আজিলৈ সামৰোঁ আমাৰ চুপতি
আইটিয়ে দেখিলে মোৰ জান খাব।
অ’ ভনীটি অ’ ভনীটি
হ’ব দেই বাৰু
কেতিয়াবা আকৌ লগ পালে
মাৰিম দেই চুপতি।
নন্দেশ্বৰ মিলি