কংগ্ৰেছ দলত বিভিন্ন দল সংগঠনৰ সদস্যৰ যোগদান

Pc Times Now

কংগ্ৰেছ দলত বিভিন্ন দল সংগঠনৰ সদস্যৰ যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিত কংগ্ৰেছ দলৰ প্ৰতি আকৰ্ষিত হৈ বিভিন্ন দল সংগঠনৰ পৰা প্ৰায় দুশ নেতা কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে। যোগদানঃ সভাৰ আঁত ধৰে গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৎ (সাংগঠনিক) দেৱজিত ডেকাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ উপস্থিতিত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি নৱজ্যোতি তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত এখন বিশেষ সভাত বিজেপি, আপ, তৃণমূল কংগ্ৰেছ, আৰ এছ এছ, বজৰং দল, অটল সেনা, ৰাম সেনা, হিন্দু জাগৰণ মঞ্চৰ পৰা প্ৰায় দুই শতাধিক নেতা কৰ্মীয়ে উক্ত যোগদান কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে। কংগ্ৰেছ দললৈ অহা নৱাগত সকলক কংগ্ৰেছ দলৰ উপ-সভানেত্ৰী ববিতা শৰ্মা, অসম প্ৰদেশ কংগ্ৰেছ সেৱাদলৰ সভাপতি দীপ বায়ন, জ্যেষ্ঠ মুখপাত্ৰ ৰমেন কুমাৰ বৰঠাকুৰ আৰু নিখিল ভাৰত কংগ্ৰেছৰ নেতা ক্ষিতিজ আদ্যলকাৰ উক্ত সভাত উপস্থিত থাকে। কংগ্ৰেছ দলত যোগদান কৰা অন্যান্য দলৰ নেতা কৰ্মীসকলক মাজত উল্লেখযোগ্য হল বনজিৎ দত্ত, ৰাজ চক্ৰৱতী, ৰাজা বিশ্বাস, শিখা দাস, অবিনাশ যাদৱ, অনুপম ভট্টাচাৰ্য্য, ধীৰাজ চৌধুৰী, হেমেন বৰ্মন, বিচিত্ৰ কুমাৰ ঠাকুৰীয়া, মাধৱ দাস, ত্ৰিদিৱ দত্ত, হিটলাৰ শইকীয়া, পংকজ দত্ত, গোলাম নবি আজাদ, প্ৰিসাদ আহমেদ, বাপিল আহমেদকে আদি কৰি আন বহুতো নেতাই কংগ্ৰেছ দলত যোগদান কৰে।