কংগ্ৰেছ এৰি জাতীয় পৰিষদত যোগদান অৰ্দ্ধ শতাধিকৰ

কংগ্ৰেছ এৰি জাতীয় পৰিষদত যোগদান অৰ্দ্ধ শতাধিকৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম জাতীয় পৰিষদ দলৰ মুখ্য কাৰ্যালয়ত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত ‘অল ইণ্ডিয়া প্ৰফেচনেল কংগ্ৰেছ’ৰ উপ-সভাপতি তথা ভাৰতীয় কংগ্ৰেছ দলৰ তিনিবাৰৰ ৰাষ্ট্ৰীয় প্ৰতিনিধি দুৰ্ল্লভ তালুকদাৰৰ নেতৃত্বত অৰ্দ্ধশতাধিক যুৱকে অসম জাতীয় পৰিষদত যোগদান কৰে। সভাত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ প্ৰমুখ্যে কেন্দ্রীয় নেতৃবৃন্দ উপস্থিত থাকে। যোগদান সভাত প্ৰায় ১৩ বছৰ কংগ্ৰেছৰ লগত জড়িত থকা দুৰ্ল্লভ তালুকদাৰে কয় যে নিজৰ ঘৰখন বাহিৰৰ মানুহে কেতিয়াও ঠিক কৰিব নোৱাৰে, গতিকে অসমৰ প্ৰকৃত বিকাশ আৰু অসমীয়া জাতিৰ স্বাভিমান পুনৰুদ্ধাৰ কৰিবলৈ হ’লে জাতীয়তাবাদী শক্তিৰ কোনো বিকল্প নাই বুলি মন্তব্য কৰে। দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে অসমৰ ৰাজনৈতিক বাতাবৰণ বিনষ্ট কৰাৰ বাবে কংগ্ৰেছ আৰু বিজেপি দুয়োটা দল জগৰীয়া৷ কিন্তু বিজেপিয়ে এতিয়া মানুহক ভাতে মাৰি এমুঠিমান নিৰ্দিষ্ট মানুহৰ ধনভঁৰাল টনকিয়াল কৰিছে৷ নিজৰ উদ্দেশয় সিদ্ধিৰ বাবে ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ বিজেপিয়ে বিনষ্ট কৰি পেলাইছে৷ ফলত সাধাৰণ ৰাইজ হতাশাগ্ৰস্ত হৈ পৰিছে৷ এনে পৰিস্থিতিৰ পৰা ৰাজ্যখনক উদ্ধাৰ কৰিবলৈ হ’লে যুৱ প্ৰজন্মই নেতৃত্ব লব লাগিব৷ অসম জাতীয় পৰিষদক যুৱ শক্তিৰ দল বুলি উল্লেখ কৰি গগৈয়ে কয় যে মূল্যবোধৰ ওপৰত আধাৰিত ৰাজনৈতিক বাতাবৰণ গঢ়াটোত অসম জাতীয় পৰিষদে প্ৰধান্য দি আহিছে৷