কংগ্ৰেছৰ প্ৰায় ৯-১০জন বিধায়কৰ অমৃত কলহ যাত্ৰাত অংশগ্ৰহণঃ মুখ্যমন্ত্ৰী 

কংগ্ৰেছৰ প্ৰায় ৯-১০জন বিধায়কৰ অমৃত কলহ যাত্ৰাত অংশগ্ৰহণঃ মুখ্যমন্ত্ৰী 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে যে কংগ্ৰেছৰ প্ৰায় ৯-১০জন বিধায়কে অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰিছিল। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ দলে বুজি পাই অমৃত কলহ যাত্ৰাৰ বিৰোধিতা কৰিছিল নে বুজি নাপাই বিৰোধিতা কৰিছে তাত তেওঁৰ সন্দেহ আছে। অমৃত কলহৰ ভূমি অসমৰ শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ কামত ব্যৱহাৰ হ’ব। কংগ্ৰেছ দলে অমৃত কলহ যাত্ৰাৰ বিৰোধিতা কৰি শ্বহীদ কনকলতা বৰুৱাক অপমান কৰিছে নেকি সেই বিষয়ে কংগ্ৰেছ দলে চিন্তা কৰা উচিত । দ্বিতীয়তে, এই অমৃত কলহৰ মাটিৰে নতুন দিল্লীৰ ৱাৰ মেম’ৰিয়েলত অমৃত উদ্যান নিৰ্মাণ হ’ব। তাত অসমৰ শ্বহীদ জিন্টু গগৈৰো নাম খোদিত হৈ আছে। কনকলতা বৰুৱাৰ পৰা আৰম্ভ কৰি দেশৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ বাবে যিসকল সেনাই জীৱনদান কৰিলে তেনে এখন অমৃত উদ্যান নিৰ্মাণৰ বাবে সেই মাটি যাব । তাত আপত্তি কৰাৰ স্থান বা স্থল কি থাকিব পাৰে? কংগ্ৰেছৰ এনে কাৰ্যত তেওঁ দুখ পাইছে বুলি উল্লেখ কৰি কয় যে এই অমৃত কলহ যাত্ৰাত সকলো বিধায়ককে অংশগ্ৰহণ কৰাৰ বাবে চৰকাৰে অনুৰোধ জনাইছে। আচলতে আমিহে ৰাজনীতি কৰি কংগ্ৰেছ-এআইইউডিএফক মাতিব নালাগিছিল। আগতে কংগ্ৰেছে সদায় অভিযোগ কৰে- চৰকাৰী কাৰ্যসূচীত কংগ্ৰেছ বিধায়কসকলক আঁতৰাই ৰখাৰ, এইবাৰ স্পষ্ট হৈ গ’ল যে কংগ্ৰেছক মাতিব নালাগে । কংগ্ৰেছৰ যিসকল বিধায়ক মাতিলেই আহে পাছত তেওঁলোকৰহে বিপদ হোৱাৰ সম্ভাৱনা থাকে। অমৃত কলহ যাত্ৰাত কংগ্ৰেছৰ মাত্ৰ ৩ গৰাকী বিধায়কৰ নাম প্ৰকাশ পোৱাত একপ্ৰকাৰ আশ্চৰ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা কংগ্ৰেছী বিধায়কসকলৰ নাম এটা এটাকৈ প্ৰকাশ কৰি কয় যে বিধায়ক আব্দুল বাতেন খন্দকাৰ, খলিলুদ্দিন মজুমদাৰ, বসন্ত দাস, আব্দুছ চোবাহান আলী সৰকাৰ, ভাস্কৰজ্যোতি বৰুৱা, ৰেকিবুদ্দিন আহমেদ, কমলাক্ষ দে’ পুকায়স্থ, ছিদ্দিক আহমেদ, নন্দিতা দাস আৰু শশীকান্ত দাসেও অংশগ্রহণ কৰিছিল। সেইদৰে এআইইউডিএফৰ বিধায়ক মজিবুৰ ৰহমান, নিজানুৰ ৰহমান, আমিনুল ইছলাম (ধিং), আমিনুল ইছলাম (দক্ষিণ শালমাৰা) আদিয়ে অংশগ্ৰহণ কৰিছিল। দেশৰ ভাল কাম এটাত তেওঁলোকে অংশগ্ৰহণ কৰাটো ভাল কথা। আনহাতে চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলেই যদি বিজেপিৰ এজেন্ট হয় তেতিয়াহ’লে ৰাজীৱ ভৱনটো তলা মাৰি বন্ধ কৰি দিয়াই ভাল বুলি কংগ্ৰেছক তীব্র কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক এখন চিঠি লিখিবলৈ মন্ত্ৰী পীযূষ হাজৰিকাক তেওঁ দায়িত্ব দিছে। চিঠিখনৰ জৰিয়তে ভূপেন বৰাৰ পৰা জানিব বিচাৰিছে যে— ভৱিষ্যতে এনেধৰণৰ কাৰ্যসূচীত কংগ্ৰেছৰ বিধায়কসকলক মাতিব নে নাই? যদি ভূপেন বৰাই মাতিবলৈ কয়, তেতিয়াহে মাতিব।