“কংগ্ৰেছক ভোট দিয়া মানেই দেশক পিছুৱাই নিয়া, বিজেপি মিত্রজোঁটক ভোট দিয়া মানেই উন্নয়ন ক্ষিপ্ৰতাৰে আগুৱাই যোৱা”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

“কংগ্ৰেছক ভোট দিয়া মানেই দেশক পিছুৱাই নিয়া, বিজেপি মিত্রজোঁটক ভোট দিয়া মানেই উন্নয়ন ক্ষিপ্ৰতাৰে আগুৱাই যোৱা”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে  ছিডলী বিধানসভা সমষ্টিৰ বাসুগাঁও আৰু বঙাইগাঁৱৰ বিদ্যাপুৰত মাৰাথন প্ৰচাৰ চলায় আৰু জনগণৰ ব্যাপক উৎসাহ, সঁহাৰি সমৰ্থন প্ৰত্যক্ষ কৰে। তেখেতে ছিডলী বিধানসভা সমষ্টিৰ এনডিএ সমৰ্থিত ইউপিপিএল-ৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু বঙাইগাঁও বিধানসভা সমষ্টিৰ এনডিএ সমর্থিত অসম গণ পৰিষদৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীৰ সমৰ্থনত নিৰ্বাচনী সভা সম্বোধন কৰে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ছিডলী বিধানসভা সমষ্টিৰ বাসুগাঁৱত অনুষ্ঠিত জনসভাত ভাষণ প্ৰদান কৰি কয়, “ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত সৰ্বস্তৰৰ জনসাধাৰণৰ বাবে সর্বাংগীণ বিকাশ, সম-মর্যাদা, সমৃদ্ধি, সমতা, সর্বত্র শান্তি, সংস্কাৰ, সমন্বয় সাধন কৰা মিত্রশক্তি হৈছে কেৱল ভাৰতীয় জনতা পার্টি আৰু মিত্ৰজোঁট। মাননীয় প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বিগত ১০ বছৰত এনডিএ চৰকাৰে সমগ্ৰ দেশতে উন্নয়নৰ এক নৱজাগৰণৰ সূচনা কৰিছে, যিটো কংগ্ৰেছৰ শাসনকালত কেৱল সপোনহে আছিল। কংগ্রেছে দশক দশক ধৰি অপশাসন, ভ্ৰষ্টাচাৰ, স্বজন-তোষণ, অবাধ দুৰ্নীতিৰ জৰিয়তে দেশক কোঙা কৰি পেলাইছিল। পিছে বিজেপি মিত্রজোঁট চৰকাৰে কেৱল ১০ বছৰৰ ভিতৰতে শক্তিশালী নীতি, শক্তিশালী দৃষ্টিভংগী, শক্তিশালী নেতা থকাৰ বাবেই ভাৰতৰ প্ৰতিচ্ছবি বিশ্বৰ বুকুত শক্তিশালী আৰু সমৃদ্ধিশালী কৰি তুলিলে। ষাঠিৰ দশকৰ পৰা কংগ্ৰেছ দলটোৱে আমাৰ যুৱক-যুৱতীসকলৰ ওপৰত নৃশংস অত্যাচাৰ চলাইছিল। আমাৰ ৰাইজে ভয় ভয়কৈ নিজৰ উৎসৱসমূহ পাতিবলগীয়া হৈছিল। এসময়ত বৰ্তমানৰ এই বিটিআৰ অঞ্চলটো অশান্ত অঞ্চল হিচাপে জৰ্জৰিত আছিল, হত্যা-হিংসাৰে চৌদিশ ছানি ধৰিছিল। কংগ্ৰেছৰ ভুল নীতি আৰু অন্যায়-অৱহেলাৰ বাবেই বড়োলেণ্ডৰ লগতে সমগ্র অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছিল। কিন্তু মোদী চৰকাৰৰ দিল্লী আৰু দিছপুৰক, দিল্লী আৰু বড়োলেণ্ডক ওচৰ চপাই অনাৰ দূৰদৰ্শী তথা কল্যাণকামী দৃষ্টিভংগীৰ ফলস্বৰূপে এতিয়া সমগ্ৰ বিটিআৰ-ত স্থায়ী শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। ঐতিহাসিক বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ ফলত বিটিআৰ-ত উন্নয়নৰ নতুন জাগৰণৰ সূচনা হৈছে আৰু সর্বত্রে শান্তি-সমন্বয় বিৰাজমান কৰিছে। মোদী চৰকাৰৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ ভাৰতৰ জনসাধাৰণে সামাজিক মর্যাদা লাভ কৰিছে। মোদী চৰকাৰ শাসনলৈ অহাৰ পাছত, ২০১৯ চনৰ আগষ্ট মাহৰ পৰা এবছু, এনডিএফবি গোট আৰু অন্যান্য বড়ো সংগঠনৰ সৈতে দশকজোৰা বড়ো আন্দোলনৰ সমাপ্তিৰ বাবে এক ব্যাপক সমাধানত উপনীত হোৱাৰ বাবে অতি গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তীকালত বড়ো শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। মোদী চৰকাৰে বড়ো অঞ্চলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে নির্দিষ্ট প্রকল্প হাতত ল’বলৈ প্রায় ১৫০০ কোটি টকাৰ বিশেষ উন্নয়ন পেকেজ সামৰি লৈছে। আমাৰ চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ জৰিয়তে সুফল  লাভ কৰিছে সৰ্বস্তৰৰ জনতাই আৰু ইয়াৰ জৰিয়তে সকলোৰে জীৱন ধাৰণৰ মান উন্নীত হৈছে। এসময়ত দালালৰাজে গ্ৰাস কৰা অসমৰ নিয়োগ ক্ষেত্ৰখনত বিনা পইচাত সম্পূর্ণ যোগ্যতাৰ ভিত্তিত চাকৰি পোৱাৰ পৰিৱেশ ঘুৰি আহিল। মেধা আৰু যোগ্যতাৰ বলত সকলোৱে নিজৰ জীৱন সুন্দৰকৈ নিৰ্বাহ কৰিব পাৰিছে।”

আনহাতে বঙাইগাঁও বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰি সৰ্বানন্দ সোণোৱালে কয়, “অযুত সম্ভাৱনাৰে পূৰ্ণ আমাৰ ভাৰতবৰ্ষখন বিভিন্ন জাতি- জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বী লোকৰ বাসস্থান। আমি গৌৰৱ কৰা উচিত যে আমাৰ চেনেহৰ অসমখনত সকলোৱে ঐক্যবদ্ধ হৈ ৰাজ্য তথা দেশখনৰ উন্নতিৰ বাবে অৰিহণা যোগাই আহিছে। এই উন্নতিৰ যাত্রাত আপোনালোক সকলো অংশীদাৰ। মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত জাতি, ধর্ম, বর্ণ নির্বিশেষে সকলো জনগণৰ কল্যাণ নিশ্চিত কৰাটো সদায় চেষ্টা কৰি অহা হৈছে। অসমৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ কোচ ৰাজবংশী সমাজৰ উন্নতিৰ বাবে আমি বিশেষ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। শিক্ষা, স্বাস্থ্য, ব্যৱসায় আদি সকলো ক্ষেত্রতেই যাতে আপোনালোক বিকাশ আৰু প্ৰগতিৰ দিশলৈ আগুৱাই যাব পাৰে, তাৰ বাবে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ আপোনালোকৰ কাষত সদায় আছে আৰু অনাগত দিনতো থাকিব। এক সমৃদ্ধিশালী ইতিহাসেৰে পূৰ্ণ কোচ-ৰাজবংশী সমাজৰ উত্তৰণত আমি প্ৰতিটো খোজতেই খোজ মিলাই আগবাঢ়িম। এইখন বৰ অসমত বীৰ চিলাৰায়-নৰনাৰায়ণে সাহস আৰু বীৰত্বৰ নিদৰ্শন দেখুৱাই আমাক একতাৰ বাণীৰে আগবাঢ়ি যাবলৈ বাট দেখুৱাই থৈ গৈছে। ইতিহাসৰ পাত লুটিয়াই চালেই আমি ইয়াৰ উদাহৰণ দেখিবলৈ পাওঁ। কোচ-ৰাজবংশীসকলে আমাৰ সমাজ ব্যৱস্থালৈ যি অৰিহণা আগবঢ়াই থৈ গৈছে, সেয়া প্রতিটো প্রজন্মই মনত ৰাখিব।”

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ছিডলী কোচ ৰাজত্বৰ শেষৰজন ৰজা অজিত নাৰায়ণ দেৱৰ প্ৰতিও শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “এনডিএ-ৰ দ্বৈত ইঞ্জিন চৰকাৰে অসমত বাণিজ্য আৰু নিযুক্তিৰ সুযোগ বৃদ্ধিৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰি আছে। যোগীঘোপা আৰু ধুবুৰীত মাল্টি-মডেল লজিষ্টিক পার্ক বিকশিত কৰা হৈছে, যিয়ে আমাৰ কৃষকসকলৰ বাবে বিশ্বব্যাপী বজাৰ মুকলি কৰিব। মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰে উত্তৰ- পূৰ্বাঞ্চলৰ পথ আৰু দলঙৰ বাবে ৪.৫ লাখ কোটিতকৈও অধিক পুঁজি প্রদান কৰিছে। কংগ্ৰেছে শাসনত থাকোঁতে ইয়াৰ কথা ভাবিবই পৰা নাছিল। আমি জনসাধাৰণৰ সকলো আকাংক্ষা পূৰণ কৰিবলৈ প্ৰতিশ্রুতিবদ্ধ।” তদুপৰি সোণোৱালে কয়, “সংখ্যালঘু জনগণৰ সুৰক্ষা আৰু উন্নতি নিশ্চিত কৰিবলৈ আমাৰ প্ৰচেষ্টা অব্যাহত আছে। সকলোৰে বাবে সম সুযোগ আৰু অধিকাৰ ৰক্ষাৰে বাবে বিজেপি চৰকাৰে সদায় অগ্রাধিকাৰ দি আহিছে। আপোনালোকৰ আর্থিক, সামাজিক আৰু সাংস্কৃতিক উন্নতিৰ বাবে মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰে বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ ৰূপায়ণ নিশ্চিত কৰিছে। সংখ্যালঘু সমাজক কেন্দ্রীয় চৰকাৰৰ বিভিন্ন আঁচনি আৰু সুবিধাই সবলীকৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি জানিবলৈ পাই আনন্দিত হৈছোঁ।”

তদুপৰি খিলঞ্জীয়া জনগণৰ ভাষা, কলা-সংস্কৃতি আৰু পৰম্পৰাৰ সুৰক্ষা তথা সংৰক্ষণৰ বাবেও চৰকাৰে নিষ্ঠাসহকাৰে কাম কৰি আহিছে বুলি সোণোৱালে আজি উল্লেখ কৰে। “

এতিয়া নেতিবাচক কথা কোৱাৰ সময় নহয়, এতিয়া কেৱল ইতিবাচক চিন্তাৰে আগুৱাই যোৱাৰ কথাহে। আহক, পাহাৰ-ভৈয়াম, জাতি-জনগোষ্ঠী, ভাষা-ভাষী নির্বিশেষে আমি সকলোৱে উন্নয়নৰ পথত একেলগে আগবাঢ়ি যাওঁ।”, সোণোৱালে কয়।

“কংগ্রেছ মানেই বিভাজন, আস্ফালন, অন্ধকাৰ আৰু অপশাসন। কংগ্রেছক ভোট দিয়া মানেই দেশক পিছুৱাই নিয়া, বিজেপি মিত্রজোঁটক ভোট দিয়া মানেই উন্নয়ন ক্ষিপ্ৰতাৰে আগুৱাই যোৱা। বিকাশৰ এই অনিৰুদ্ধ যাত্রাক ন সংকল্পেৰে আগুৱাই লৈ যাবলৈ এনডিএ-ৰ প্ৰাৰ্থীক বিপুল ভোটত বিজয়ী কৰিবলৈ শ্ৰদ্ধাৰ ৰাইজক আন্তৰিকতাৰে আহ্বান জনালোঁ।”, সোণোৱালে ভাষণ প্রসংগত কয়।

বাসুগাঁৱৰ প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে বিটিআৰ প্ৰধান শ্রী প্রমোদ বড়ো, অসম চৰকাৰৰ মন্ত্ৰীত্ৰয় শ্ৰী ইউ জি ব্রহ্ম, শ্রী অশোক সিংহল আৰু শ্রী যোগেন মহন, সাংসদ শ্রী জয়ন্ত বসুমতাৰী, বিধায়কদ্বয়  শ্ৰী নৱ কুমাৰ দলে আৰু শ্ৰী অজয় ৰায়, প্রার্থী নিৰ্মল কুমাৰ ব্রহ্ম প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল আৰু বিজেপি-অগপ- ইউপিপিএল মিত্রজোঁটৰ সতীৰ্থসকল। আনহাতে বঙাইগাঁৱৰ সভাখনত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰীদ্বয় শ্ৰী ৰণজিৎ কুমাৰ দাস আৰু শ্ৰী ইউ জি ব্ৰহ্ম, লোকসভাৰ সাংসদ শ্রী ফণীভূষণ চৌধুৰী, প্রার্থী দীপ্তিময়ী চৌধুৰী প্রমুখ্যে বিজেপি-অগপৰ বিষয়ববীয়া তথা উৎসাহী কার্যকর্তাসকল।