ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পিপলি চেং (ছানা’বৰকা) মাছৰ ৰমৰমীয়া বেহা

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পিপলি চেং (ছানা’বৰকা) মাছৰ ৰমৰমীয়া বেহা

অমৰজিৎ ৰাভা, ওদালগুৰি,বাৰ্ত্তাসেৱা- বন-কৰ্মীও জড়িত হৈ পৰিছে এই মাছ ব্যৱসায়ত। উৰ্ধতন বন বিষয়াক অৱগত কৰাৰ পাছতো বন্ধ হোৱানাই মাছৰ বেহা। অসমৰ অনান্য বনাঞ্চলত পোৱা নাযায় এই পিপলি চেং নামৰ মাছ বিধ। এক মাত্ৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিলত পোৱা যায় এই আপুৰুগীয়া পিপলি চেং, দেখাত ধুনীয়া মাছ বিধৰ ৰমৰমীয়া বেহা চলি আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত। জড়িত হৈ পৰিছে বন-কৰ্মী। আমি অনুসন্ধান কৰি পোৱা মতে আগতে এই মাছ বিধৰ চোৰাং বেহা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া লোক সকলৰ মাজত সীমাবদ্ধ আছিল। বৰ্তমানে দলগাঁও,বেছিমাৰী,খাৰুপেটীয়া,কৌপাটী আদি ন ন অঞ্চললৈ বিয়পি পৰাত, উদ্যান খনৰ  এশিঙীয়াগঁড়ৰ লগতে অনান্য জীৱ-জন্তুৰ জীৱনলৈ এক ভাবুকিৰ সৃষ্টি হৈছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান খনত আগতে কিছুমান লোকে চোৰাং ভাবে পিপলি চেং মাৰিছিল যদিও, বৰ্তমানে এটা মাছৰ দাম ত্ৰিশৰ পৰা চল্লিশ হাজাৰ টকা লৈ বৃদ্ধি পোৱাত উদ্যান খনৰ চন্দনপুৰ,কাছোমাৰী আৰু কাছোমাৰী টাৱাৰৰ বন-কৰ্মী সকল জড়িত হৈ পৰিছে পিপলি চেং ব্যৱসায়ত। এই সম্পৰ্কে স্থানীয় কিছুলোকে বিভাগীয় বন-বিষয়াৰ লগত যোগাযোগ কৰাৰ পাছতো বন্ধ হোৱা নাই পিপলি চেং মাছৰ ব্যৱসায়।