এশ শতাংশৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে বেছামাৰী জ্ঞানদ্বীপ বিদ্যাপীঠে

এশ শতাংশৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে বেছামাৰী জ্ঞানদ্বীপ বিদ্যাপীঠে

ধিং,ৰঙিলী বাৰ্ত্তাসেৱা-   সদ্যঘোষিত হোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠান বেছামাৰী জ্ঞানদ্বীপ বিদ্যাপীঠে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ এশ শতাংশ উত্তীৰ্ণ হৈ অভিলেখ সৃষ্টি কৰে। শিক্ষানুষ্ঠান খনৰ পৰা সৰ্বমুঠ ৩১ গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিল তাৰে তিনিগৰাকী ষ্টাৰ সহ প্ৰথম বিভাগত ১২ গৰাকী দ্বিতীয় বিভাগত ১৮ গৰাকী আৰু তৃতীয় বিভাগত ১গৰাকী উত্তীৰ্ণ হৈ বৃহত্তৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে এই বিদ্যালয় খনে প্ৰতিবছৰে এনে ফলাফল লাভ কৰি আহিছে।বৃহত্তৰ বেচামাৰী অঞ্চলত ব্যক্তিগত খণ্ডৰ বহুতো বিদ্যালয় আছে যদিওঁ বেছামাৰী জ্ঞানদ্বীপ বিদ্যাপীঠে পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত এইবাৰো ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে । ফলাফল অহাৰ লগে লগে বিদ্যালয়খনত উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়।