এম জি এনৰেগা আৰু পি এম এ ৱাই-জি আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দুর্নীতি আৰু বিত্তীয় অনিয়ম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কেইবাগৰাকীও বিষয়া-কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন

Pc- the janambhumi

এম জি এনৰেগা আৰু পি এম এ ৱাই-জি আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দুর্নীতি আৰু বিত্তীয় অনিয়ম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কেইবাগৰাকীও বিষয়া-কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন

ৰঙিলী বাৰ্ত্তাসেৱা-  এম জি এনৰেগা আৰু পি এম এ ৱাই-জি আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতি আৰু বিত্তীয় অনিয়মৰ অভিযোগত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি প্ৰদান কৰাৰ লগতে নিলম্বন কৰা হৈছে।পঞ্চায়ত আৰু গ্রামােন্নয়ন আয়ুক্ত বিক্রম কৈৰীয়ে বিভাগীয় এক নির্দেশৰ জৰিয়তে দুর্নীতি আৰু বিত্তীয় অনিয়মৰ অভিযােগত নলবাৰী জিলাৰ বৰক্ষেত্ৰী উন্নয়নখণ্ডৰ অস্থায়ীভাৱে কৰ্মৰত তিনিগৰাকী স্বীকৃতিপ্রাপ্ত অভিযন্তা ক্রমে-আমানুৰ ৰহমান,আতিকুব ৰহমান আৰু আব্দুল কৰিমক তৎকালেই বলবৎ হােৱাকৈ চাকৰিৰ পৰা অব্যাহতি দিছে।বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ দুগৰাকী অস্থায়ীভাৱে কৰ্মৰত কম্পিউটাৰ সহকাৰী মতিউৰ ৰহমান আৰু সুৰজিৎ বর্মনকো তৎকালেই বলবৎ হােৱাকৈ চাকৰিৰ পৰা অব্যাহতি দিছে।ধুবুৰী জিলাৰ গৌৰীপুৰ উন্নয়ন খণ্ডৰ স্বীকৃতিপ্রাপ্ত অভিযন্তা কুন্তলা বর্মনকো তৎকালেই বলবৎ হােৱাকৈ চাকৰিৰ পৰা অব্যাহতি দিছে।তদুপৰি, বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ পূৰ্বৰ গাণনিক তথা সম্প্রতি পূৱ নলবাৰী উন্নয়ন খণ্ডত সহকাৰী গাণনিক বিষয়া হিচাপে কৰ্মৰত অমৰেন্দ্ৰ গােস্বামীকো পঞ্চায়ত আৰু গ্রামােন্নয়ন আয়ুক্তই বিভাগীয় নির্দেশ মর্মে তৎকালেই বলবৎ হােৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰিছে।আনহাতে, বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনৰ ৬৩ নং কালাচৰ আৰু ৬৫ নং কুৰিহামাৰী বৰচুলিয়া গাঁওপঞ্চায়তৰ সচিব হিচাপে কার্যনির্বাহ কৰা আৰু সম্প্রতি ঢেকীয়াজুলি উন্নয়নখণ্ডৰ অধীনৰ জীয়াগাভৰু গাঁও পঞ্চায়তৰ সচিব হিচাপে বদলি হােৱা হলধৰ হালৈকো তৎকালেই চাকৰিৰপৰা নিলম্বিত কৰিছে।