এমট্ৰনৰ অধ্যক্ষ পদত পুনৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক নিযুক্তি

pc North East Live.jpg

এমট্ৰনৰ অধ্যক্ষ পদত পুনৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক নিযুক্তি

অনলাইন বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগে ৰাজ্যপালৰ আদেশমৰ্মে অসম ইলেক্ট্ৰনিকছ ডেভেলপমেণ্ট কৰ্পʼৰেচন লিমিটেড (এমট্ৰন)ৰ অধ্যক্ষ পদত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক নিযুক্তি দিছে। বিভাগৰ সচিব ৰুবি শৰ্মাই জাৰি কৰা নিৰ্দেশনাটোত বিধায়ক কলিতাককেবিনেট পদমৰ্যাদা প্ৰদান কৰাৰ লগতে পুনৰ নুৰ্দেশ নিদায়া পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰি যাবলৈ কোৱা হৈছে। উল্লেখ্য যে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আমোলতো এমট্ৰনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।কিন্তু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে বিধি অনুসৰি নিৰ্বাচনী অধিসূচনা ঘোষণাৰ পাছতেই তেওঁ পদত্যাগ কৰিছিল। অৱশ্যে অধ্যক্ষ হৈ থকাৰ সময়ত তেওঁ তদানীন্তন বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ সহযোগত এমট্ৰনৰ প্ৰশাসনিক আৰু বিত্তীয় দিশত বহুখিনি সংস্কাৰ সাধন কৰিবলৈ সক্ষম হৈছিল।

(RT)