এপিএচ চিৰ চূড়ান্ত পৰীক্ষাত ডিব্ৰুগড়ৰ কাইনাত টনবিৰৰ সাফল্যত পিতৃ মাতৃৰ আনন্দ

এপিএচ চিৰ চূড়ান্ত পৰীক্ষাত ডিব্ৰুগড়ৰ কাইনাত টনবিৰৰ সাফল্যত পিতৃ মাতৃৰ আনন্দ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বৈৰাগীমঠ নিজ কদমণি নিবাসী কাইনাত টনবিৰ ৰিয়াজ বৰাই এপিএচচিৰ সদ্য ঘোষিত চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৩৪ স্হান দখল কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। পিতৃ ৰিয়াজুল ইচলাম বৰা আৰু মাতৃ চালেহা ইচলাম বৰাই ঘৰৰ একমাত্ৰ জীয়ৰীৰ এই সাফল্যত সন্তোষ প্ৰকাশ কৰে। কাইনাত টনবিৰ ৰিয়াজ বৰাই ডিগবৈৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰাৰ পাছত ডিগবৈৰ লিটিল ষ্টাৰৰ পৰা হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ‘নেৰিম’ৰ পৰা বি বি এ আৰু এম বি এত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰাৰ পাছত ‘নেৰিম’তে সহকাৰী অধ্যাপক হিচাপে চাকৰিত যোগদান কৰে। পাছত পিতৃৰ শাৰীৰিক অসুস্থতাৰ কাৰণে ৰাজ্যৰ বাহিৰলৈ নিব লগীয়া হোৱাত সেই চাকৰি এৰিব লগীয়া হয়। ইয়াৰ মাজতো কাইনাত টনবিৰ ৰিয়াজ বৰাই সময় উলিয়াই পঢ়া শুনাত কৰিব লগীয়া হৈছিল। তেওঁৰ পিতৃয়ে ডিগবৈৰ অইল ইণ্ডিয়াৰ পৰা ২০১২ চনত অৱসৰ গ্ৰহণ কৰে।