এপাহ মৰহা গোলাপ
আলমাৰি এচুকত এখন কিতাপ,
পৰি আছে বহু দিন নীৰৱ নিতাল,
বিধ্বস্ত ৰূপ অৱহেলাৰ ফল,
তুলি আনি আলফুলে ধৰোঁ খামুচি,
খুলি চালোঁ পৃষ্ঠাৰ গোট গোট আখৰ।
শুকান ৰংবিহীন গোলাপ এপাহ,
আকৃতি তাৰ ফাপৰে ধৰা,
কাহানিবাই হল মৃত্যু তাৰ সুগন্ধি।
গোলাপ পাহৰ আয়ুস বহু অতীত,
প্ৰথম প্ৰেমৰ প্ৰথম গোলাপ,
ৰাজকুমাৰী ৰূপী এজনী নাৰীৰ,
হাতৰ পৰশত মহীয়ান আছিল।
সপোন আছিল নিজৰ কৰা ,
সাজিছিলোঁ এটি কাৰেং হৃদয়ত ,
ধুমুহা আহিল ভাগিল কাৰেং,
মোৰ চিঞৰত গগন কঁপিল।
বিধ্বস্ত কাৰেং বিচাৰি চলাথ,
দুচকুত লোতক বাগৰি আহিল,
নোপোৱা বেদনাৰ সৃষ্টি সাগৰ ,
ফুল পাহ পাই বুটলি ললোঁ,
কিতাপৰ মাজতে সাঁচি ৰাখিলো।
মুন শৰ্মা, লখিমপুৰ
