এন্ধাৰৰ সীমনা ~~
জীৱনৰ পাতবোৰ লুটিয়াইছিলোঁ…
ভগ্ন ঘড়ীৰ বিক্ষিপ্ত সময়বোৰে
হেচুঁকি ধৰিছিল তাত ।
শুনিছিলোঁ শৈশৱৰ
সোণালী শব্দবোৰ…
কিন্তু ভঙা বেৰবোৰত সেইবোৰ
সৰাপাতেৰে হে শিকলিবদ্ধ হ’ল…!
তিতা প্ৰাণক এতিয়া,
ৰ’দেও শুকুৱাব নোৱাৰে..!
তেজৰ চেকুৰাই যদি অহৰহ,
কাগজৰ বুকুখনতেই ঠাহ খাই থাকে…
মৰমী নৈখনো বৈ নাহে,
সমাহিত হ’বলৈ…!
এমুঠি এমুঠিকৈ
অভিমান গোটালে হ’ব কি..?
অস্তিত্বৰ ৰোদনক যদি,
কোনো শুনোতায়ে নাই…!
অনাবৃত্ত শৰীৰত,
হাড়বোৰো মামৰে ধৰা…
কিন্তু ৰাজহাড়ডালত
এতিয়াও দৃঢ়তা আছে ।
_✍️ সংগীতা ডেকা, ৰঙিয়া