এনকাউন্টাৰ সন্দৰ্ভত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিক্ৰিয়া

Pc CNBC TV18

এনকাউন্টাৰ সন্দৰ্ভত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিক্ৰিয়া

ৰঙিলী বাৰ্ত্তাসেৱা- সাম্প্রতিক সময়ত ৰাজ্যত অসম আৰক্ষীৰ দ্বাৰা চলি থকা ভূৱা এনকাউন্টাৰ সন্দৰ্ভত অনুসূচিত জাতি যুৱ ছাত্র পৰিষদ,অসমৰ কেন্দ্রীয় সভাপতি ৰুবুল দাসে তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি জি পি সিঙক শীঘ্রে অসমীয়া ল’ৰাক পংগু কৰা কাৰ্য্য বন্ধ কৰিবলৈ দাবী জনাইছে। লগতে ৰুবুল দাসে কয় যে, নিজৰ ব্যৰ্থতা ঢাকিবলৈ অসম পুলিচে কৰা এনেধৰণৰ এনকাউন্টাৰ কেতিয়াও গ্রহণ যোগ্য নহয়। এইয়া স্মাৰ্ট পুলিচৰ কাপুৰুষালিহে।