এতিয়া জাগিবৰ সময়….
এতিয়া জাগিবৰ সময়
আকৌ সম্মুখত মহাসমৰ
শৰাইঘাটৰ…
কোনোবা বদনে
আনিছে বহিৰাগত মান
এতিয়া নাথাকিব আৰু
আমাৰ ধন-সন্মান।
জাতি-মাটি-ভেঁটি
ভাষা-কলা-সংস্কৃতি
আকৌ আজি
এক বিপদৰ উকমুকনি ।
এইখন লাচিতৰ দেশ
এইখন চিলাৰায়ৰ দেশ
অসীম বীৰত্ব সাহস
বৈ আছে আমাৰ
তেজৰ সিৰে সিৰে।
এইখন শংকৰ-মাধৱৰ দেশ
এইখন আজান-ফকীৰৰ দেশ
নহ’ব যে ভাই! ধৰ্মক লৈ ভেদ
আমি সকলো অভিন্ন এক।
এইখন বিষ্ণু -জ্যোতিৰ দেশ
এইখন লক্ষ্মীনাথ-ভূপেনৰ স্বদেশ
সুৰ-গীত-কবিতাৰ ভাষাৰেও
এঘড়ী যুজাৰোঁ
আমাৰ গাত আছে
কিন্ত্ত অসীম সাহস।
জাগ ভাই জাগ ককাই
জাগ পিতাই জাগ আই
নহ’লে যে নাই উপায়
আকৌ যে সম্মুখত
এক মহাসমৰ
শৰাইঘাটৰ…।
নন্দেশ্বৰ মিলি
নগাঁও,অসম